মাজুলী,14 মাৰ্চ: দেওবাৰে মাজুলীৰ নামনি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে ৷ মিত্ৰজোঁটৰ কৰ্মীসকলে পদযাত্ৰা কৰি বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷
মিত্ৰজোঁটৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে ব্যাপক নিৰ্বাচনী তৎপৰতা দেখা গৈছে সত্ৰনগৰী মাজুলীত । যিমানেই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই মাজুলীত তীব্ৰতৰ হৈ পৰিছে মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ ।
মাজুলীৰ 99 নং জনজাতি বিধানসভা সমষ্টিৰ নামনি মাজুলীৰ কৰতিপাৰ, মিচামৰা মহৰিচুককে ধৰি কেইবাটাও প্ৰান্তত মাজুলীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে প্ৰকাশ কাশ্যপৰ নেতৃত্বত বহু কেইখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই সভা কেইখনত আমগুৰিৰ বিজেপিৰ কৰ্মীসকলে বিজেপিৰ মিছন 100+ কৰাৰ ক্ষেত্ৰত মাজুলীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জয়ী কৰোৱাৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে দলীয় কৰ্মীসকলে ৷
লগতে পঢ়ক: শিৱসাগৰত কংগ্ৰেছ মহাজোঁটৰ সংবাদমেল