মাজুলী , 13 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ বসন্ত উৎসৱক আদৰণি জনাবৰ বাবে অনুৰূপ দৃশ্য পৰিলক্ষিত হ'ল মাজুলী মেখেলি জনতা বালিকা বিদ্যালয়ত ৷
চাওঁতে চাওঁতে আহি পালেহি অসমীয়াৰ ৰঙৰ উৎসৱ ৰঙালী বিহু ৷ ৰঙৰ উৎসৱটিক উলহ-মালহেৰে আদৰিবৰ বাবে সমগ্ৰ ৰাজ্য লগতে মাজুলীতো এতিয়া চলিছে বিহুৰ প্ৰস্তুতি ৷ ইয়াৰে অংশ হিচাপে মাজুলীৰ মেখেলি জনতা বালিকা বিদ্যালয়ত বিহুৰ আদৰণিৰ লগত সংগতি ৰাখি শনিবাৰে হুঁচৰি জেং বিহু অনুষ্ঠিত কৰা হয় ৷ প্ৰতি বছৰে মাজুলীৰ মেখেলি গাঁৱৰ বিদ্যালয়খনে উৰুকাৰ দিনা ব’হাগী আদৰণি অনুষ্ঠান উদযাপন কৰি আহিছে । এই ব’হাগী আদৰণি অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষকৰ-শিক্ষয়ত্ৰী লগতে ছাত্ৰী সকলে কঁকাল ভাঙি নৃত্য পৰিৱেশন কৰে ৷ লগতে স্থানীয় বিশিষ্ট ব্যক্তি সকলক একোখন কৈ নতুন বিহুৱান দি সেৱা ল'লে বিদ্যালয়ৰ ছাত্ৰী সকলে ৷