মাজুলী, 19 আগষ্ট : 'ৰাজীৱ লোচন পেগু এতিয়া নদীৰ ঘাটত ৷ কোনখন নাৱত নদীখন পাৰ হ'ব পাৰি তাৰে সুযোগৰ সন্ধানত আছে ৰাজীৱ লোচন পেগু ৷' বৃহস্পতিবাৰে মাজুলীত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত এই দৰে মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
অসম প্ৰদেশ কংগ্ৰেছ সভাপতি দায়িত্ব গ্ৰহণ কৰা পাচতে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় ভূপেন বৰা ৷ প্ৰদেশ কংগ্ৰেছ সভাপতি গৰাকীয়ে প্ৰথমে মাজুলীৰ ঐতিহাসিক বেঙেনাআটী সত্ৰত সেৱা লয় । গুৰু গৃহত অথাৎ বেঙেনাটীসত্ৰৰ কীৰ্তনঘৰ মনিকূট, সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ ওচৰত সেৱা লৈ আশীষ নিৰ্মালী গ্ৰহণ কৰে সভাপতি গৰাকীয়ে ।
সত্ৰাধিকাৰে ফুলৰ মালা প্ৰদান কৰি আৰ্শীবাদ আগবঢ়ায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক । সমাগত মাজুলীৰ উপ-নিৰ্বাচনৰ প্ৰাক ক্ষণত বৰাৰ মাজুলীত উপস্থিতিয়ে বিশেষ তাৎপর্য বহন কৰিছে । আগন্তুক উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ ইয়াৰ পাচতে সভাপতি ভূপেন বৰাই মাজুলী জিলাৰ দলীয় কৰ্মীসকলৰ এখন বুথ সন্মিলনত অংগ্ৰহণ কৰে ৷ উক্ত সভাত মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷
লগতে পঢ়ক: কাৰ্যালয়ত কৰ্মচাৰী নাই; মন্ত্ৰীয়ে কৰ্তন কৰিলে এদিনৰ দৰমহা
উল্লেখ্য যে, যোৱা কেইদিন ধৰি ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ ত্যাগ কৰি অন্য দলত যোগ দিয়াৰ এক প্ৰসংগই লোক মুখত প্ৰায়ে চৰ্চা লাভ কৰিছে ৷ সমান্তৰালভাৱে ৰাজনৈতিক বিশ্লেষক তথা সমালোচক সকলৰ মাজতো পেগুৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীৰ ভাৰ গ্ৰহণ কৰাৰ পাচতে মাজুলীৰ বিধায়কৰ আসনখন খালি হৈ পৰে ৷ স্বাভাৱিকতে সোণোৱালে মাজুলীত এৰি যোৱাৰ পাছত খালী হৈ পৰা বিধায়কৰ আসনখনৰ বাবে ৰাজীৱ লোচন পেগুৱে সুযোগ গ্ৰহণ কৰিব পাৰে বুলি চৰ্চা লাভ কৰিছে ৷ অৰ্থাৎ ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিব বুলি ৰাজনৈতিকভাৱে সচেতন লোক সকলৰ মাজত ব্যাপক চৰ্চা লাভ দেখা গৈছে ৷
এই সন্দৰ্ভত সংবাদিকে কৰা প্ৰশ্ন উত্তৰত ভূপেন বৰাই কয়, ৰাজীৱ লোচন পেগুৱে দল ত্যাগ কৰা বিষয়টোত এতিয়ালৈকে আনুষ্ঠানিক হোৱা নাই ৷ তথাপিও তেওঁ দলৰ পৰা এটা দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে ৷ গতিকে ৰাজীৱ লোচন পেগুৰ ওপৰত কেনে ব্যৱস্থা হয় তাৰ ওপৰত কংগ্ৰেছৰ দলীয় কৰ্মী সকলে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ মন কৰিবলগীয়া ৰাজীৱ লোচন পেগুৱে দীৰ্ঘ সময় ধৰি দলৰ পৰা দূৰত্বত অৱস্থান কৰাক লৈ আক্ষেপ প্ৰকাশ কৰে ভূপেন বৰাই ৷