জোনাই ৬ নৱেম্বৰ: সাম্প্ৰদায়িক মন্তব্য কৰা এআইইউডইএফ প্ৰধান বদৰুদ্দিন আজমলক এইবাৰ উভতি ধৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা বিধায়ক ভুৱন পেগুৱে । বদৰুদ্দিন আজমলৰ এনে সাম্প্ৰদায়িক মন্তব্যই অসমৰ থলুৱা খিলঞ্জীয়া ৰাইজক অপমান কৰিছে বুলি কয় আজমলে । ISIS অথবা জেহাদীৰ ভাব লৈয়ে আজমলে এনে মন্তব্য কৰাৰ বাবে আচলতে অসমত বাংলাদশী মূলৰ মুছলমানসকলে আজিলৈকে মূলসূঁতিৰ অসমীয়া মানুহৰ লগত খাপ খাব নোৱাৰিলে বুলি কয় পেগুৱে ।
গণতান্ত্ৰিক দেশ এখনত ৰাইজে ভোট দি নিৰ্বাচিত কৰা এজন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ব বুলি যি অপমানসূচক মন্তব্য কৰিছে তেনে মন্তব্যবোৰৰ অসমৰ জনগণে প্ৰত্যুত্তৰ দিব । লগতে এইখনেই শৰাইঘাটৰ শেষ ৰণ হ'ব বুলিও কয় পেগুৱে । চিলাপথাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কয় বিধায়ক ভুৱন পেগুৱে কয় যে শৰাইঘাটৰ যুদ্ধ অসমৰ খিলঞ্জীয়া যুৱ সমাজে বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমল আৰু বাংলাদেশী মূলৰ মিঞাৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আগ্ৰাসন কেতিয়াও সহ্য নকৰে। অসমৰ খিলঞ্জীয়া জনগণে উজনি অসমত ইতিমধ্যেই বজাৰ দখল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও কয় পেগুৱে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজমলৰ এনে ৰাজনীতি টিকি থাকিব নোৱাৰে বুলিও কয় বিধায়ক ভুৱন পেগুৱে । বিজেপিৰ মুখপাত্ৰগৰাকীয়ে এই সম্পৰ্কত বিৰোধী দল কংগ্ৰেছকো সমালোচনা কৰি কয় যে, আজমলৰ এনে সাম্প্ৰদায়িক মন্তব্যবোৰৰ সৈতে কংগ্ৰেছে যুগ যুগ ধৰি কম্প্ৰমাইজ কৰাৰ বাবেই আজমলৰ দৰে ব্যক্তিবোৰৰ অস্তিত্ব বজায় আছে। ইফালে বিৰোধী ঐক্য মঞ্চকো সমালোচনাৰে থকা-সৰকা কৰে জোনাইৰ বিধায়কজনে ৷
লগতে পঢ়ক: Loksabha election 2024: মুখ্যমন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতাতে ৰাজ্যত কয়লাৰ চিণ্ডিকেট অব্যাহত; অখিল গগৈ