মাজুলী, 24 মে’: মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিনটোত মাজুলীৰ বিধায়ক ভূবন গামে বহুকেইখন বিদ্যালয়ত উপস্থিত হৈ ছাত্র-ছাত্রীৰে সৈতে আলাপ কৰা দেখা যায় (Bhuban Gam visits schools in Majuli)। মাজুলী মেৰুৱাবাৰী কলিতাপাৰ থানগুৰী চেঙেলিআটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকক ধমক দিলে বিধায়ক ভূৱন গামে । ভবিষ্যতে চাকৰিৰ পৰা সাময়িকভাৱে বৰ্খাস্ত কৰাৰ সিদ্ধান্ত ল’বলৈও কুণ্ঠাবোধ নকৰো বুলি ক’লে বিধায়কে । অন কেমেৰা নিজৰ চকুপানী ওলাইছে বুলি ক’লে বিধায়ক গৰাকীয়ে ।
বিদ্যালয়খনৰ ৰান্ধনিশালত বৰষুণ দিলে দোঙা বান্ধে পানীয়ে ৷ তাৰ মাজতেই এক অপৰিস্কাৰ পৰিবেশত প্ৰস্তুত কৰা হয় মধ্যাহ্ন ভোজন (Non hygienic condition in school) । বিদ্যালয়খনৰ অপৰিপাতি তথা অপৰিস্কাৰ পৰিবেশ দেখি খং উঠিল বিধায়ক ভূৱন গামৰ । ভৱিষ্যতে এনে পৰিবেশত ছাত্র-ছাত্ৰী সকলৰ বাবে খাদ্য যোগান ধৰিলে প্ৰধান শিক্ষকক চাকৰিৰ পৰা সাময়িকভাৱে বৰ্খাস্ত কৰাৰ ধমক দিয়ে বিধায়কগৰাকীয়ে ।
উল্লেখ্য যে, শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে গুণোৎসৱ আয়োজন কৰিছে ৰাজ্যৰ শিক্ষাবিভাগে ৷ সেই অনুসৰি এইবছৰ আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰথম পৰ্যায় ইতিমধ্যে সমাপ্ত হৈছে আৰু সোমবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায় ৷ ৰাজ্যৰ বিভিন্ন বিষয়া-কৰ্মচাৰী, মন্ত্ৰী-বিধায়কক নিয়োগ কৰা হৈছে বিদ্যালয় পৰিদৰ্শন কৰি ত্ৰুটি-নাতিৰ বুজ ল’বলৈ ৷ ইয়াৰ ভিত্তিত মূল্যায়ন কৰা হয় বিদ্যালয় সমূহক ৷
লগতে পঢ়ক: Gunutsav in Sivasagar: দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি মূল্যায়নৰ দিন