বৰদোৱা, 9 চেপ্তেম্বৰঃ ইতিহাস প্ৰসিদ্ধ কৰ্দৈ গছজোপাৰে আছে এখন প্ৰাচীন সত্ৰ ৩৭০ বছৰীয়া ঐতিহ্য । যি স্থানৰ পৰা আই কনকলতাই অন্বেষণ কৰিছিল বটদ্ৰৱা থান উদ্ধাৰৰ প্ৰচেষ্টা। প্ৰবাদ অনুসৰি এই কৰ্দৈ বৃক্ষ আৰু সত্ৰৰ পৰাই আৰম্ভ হৈছিল মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা উদ্ধাৰৰ কাহিনী । গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত কালিন্দী আইৰ মুখত বটদ্ৰৱাৰ ভৌগোলিক অৱস্থান আৰু অৱস্থিতিৰ কথা শুনি গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত জলপথেৰে আহি উপস্থিত হৈছিল এই স্থানতে ৷ এই ঠাইখিনিৰ নাম হৈছে কুঁজি । গুৰুজনাৰ ভাগিন নাতি দামোদৰ আতাৰ সৈতে আহি নিশা ইয়াতেই । অন্ন প্ৰস্তুত কৰিবলৈ কৰ্দৈ গছৰ তলত তিনিটা খুটি পুটি চৰু বঢ়াই প্ৰস্তুত কৰিছিল অন্ন । অন্ন গ্ৰহণৰ পাছত নিয়ম অনুসৰি নিশাই তাৰে দুটা খুঁটি উভালি পেলাইছিল আৰু এটা খুঁটি ৰাখি তাতেই থৈছিল । পুৱা সাৰ পাই আইৰ লগত অহা ভক্ত সকলে আশ্বৰ্য্য জনক ভাবে আধা পোৰা কৰ্দৈ খুটিৰ পৰা গজালি ওলোৱা প্ৰত্যক্ষ কৰিছিল । পৰৱৰ্তী পৰ্যায়ত আই কনকলতাই সেই ঠাই খনৰ পৰাই উত্তৰে জলপথেৰে গৈ বটদ্ৰৱা থান উদ্ধাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থান ন-কৈ গঢ় দিছিল । আৰু সেই গজালি ওলোৱা আধা পোৰা কৰ্দৈ বৃক্ষলৈ ৰূপান্তৰিত হৈ বৰ্তমানেও বিদ্যমান হৈ আছে এই ঠাইত । এইয়াই হৈছে আই কনকলতা আৰু দামোদৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত কুঁজি সত্ৰ
এখন প্ৰাচীন সত্ৰ আৰু এজোপা কৰ্দৈগছৰ 370 বছৰীয়া ঐতিহ্য - প্ৰবাদ অনুসৰি এই কৰ্দৈ বৃক্ষ আৰু সত্ৰৰ পৰাই আৰম্ভ হৈছিল মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা উদ্ধাৰৰ কাহিনী
ইতিহাস প্ৰসিদ্ধ কৰ্দৈ গছজোপাৰে আছে এখন প্ৰাচীন সত্ৰ ৩৭০ বছৰীয়া ঐতিহ্য । যি স্থানৰ পৰা আই কনকলতাই অন্বেষণ কৰিছিল বটদ্ৰৱা থান উদ্ধাৰৰ প্ৰচেষ্টা।
বৰদোৱা, 9 চেপ্তেম্বৰঃ ইতিহাস প্ৰসিদ্ধ কৰ্দৈ গছজোপাৰে আছে এখন প্ৰাচীন সত্ৰ ৩৭০ বছৰীয়া ঐতিহ্য । যি স্থানৰ পৰা আই কনকলতাই অন্বেষণ কৰিছিল বটদ্ৰৱা থান উদ্ধাৰৰ প্ৰচেষ্টা। প্ৰবাদ অনুসৰি এই কৰ্দৈ বৃক্ষ আৰু সত্ৰৰ পৰাই আৰম্ভ হৈছিল মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা উদ্ধাৰৰ কাহিনী । গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত কালিন্দী আইৰ মুখত বটদ্ৰৱাৰ ভৌগোলিক অৱস্থান আৰু অৱস্থিতিৰ কথা শুনি গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত জলপথেৰে আহি উপস্থিত হৈছিল এই স্থানতে ৷ এই ঠাইখিনিৰ নাম হৈছে কুঁজি । গুৰুজনাৰ ভাগিন নাতি দামোদৰ আতাৰ সৈতে আহি নিশা ইয়াতেই । অন্ন প্ৰস্তুত কৰিবলৈ কৰ্দৈ গছৰ তলত তিনিটা খুটি পুটি চৰু বঢ়াই প্ৰস্তুত কৰিছিল অন্ন । অন্ন গ্ৰহণৰ পাছত নিয়ম অনুসৰি নিশাই তাৰে দুটা খুঁটি উভালি পেলাইছিল আৰু এটা খুঁটি ৰাখি তাতেই থৈছিল । পুৱা সাৰ পাই আইৰ লগত অহা ভক্ত সকলে আশ্বৰ্য্য জনক ভাবে আধা পোৰা কৰ্দৈ খুটিৰ পৰা গজালি ওলোৱা প্ৰত্যক্ষ কৰিছিল । পৰৱৰ্তী পৰ্যায়ত আই কনকলতাই সেই ঠাই খনৰ পৰাই উত্তৰে জলপথেৰে গৈ বটদ্ৰৱা থান উদ্ধাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থান ন-কৈ গঢ় দিছিল । আৰু সেই গজালি ওলোৱা আধা পোৰা কৰ্দৈ বৃক্ষলৈ ৰূপান্তৰিত হৈ বৰ্তমানেও বিদ্যমান হৈ আছে এই ঠাইত । এইয়াই হৈছে আই কনকলতা আৰু দামোদৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত কুঁজি সত্ৰ
অন্ন প্ৰস্তুত কৰিবলৈ সেই সময়ত কৰ্দৈ গছৰ তিনিটা খুটি পুটি চৰু বঢ়াই প্ৰস্তুত কৰিছিল অন্ন । অন্ন গ্ৰহনৰ পাছত নিয়ম অনুসৰি নিশাই তাৰে দুটা খুটি উভালি পেলাইছিল আৰু এটা খুটি ৰাখি তাতেই থৈছিল । পুৱা সাৰ পাই আইৰ লগত অহা ভক্ত সকলে আশ্বৰ্য্য জনক ভাবে আধা পোৰা কৰ্দৈ খুটিৰ পৰা গজালি ওলোৱা প্ৰত্যক্ষ কৰিছিল।পৰবৰ্তী পৰ্যায়ত আই কনকলতাই সেই ঠাই খনৰ পৰাই উত্তৰে জলপথেৰে গৈ বটদ্ৰৱা থান উদ্ধাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থান নকৈ গঢ় দিছিল । আৰু সেই গজালি ওলোৱা আধা পোৰা কৰ্দৈ বৃক্ষলৈ ৰূপান্তৰিত হৈ বৰ্তমানে বিদ্যমান হৈ আছে এই থাইত । এইয়াই হৈছে আই কনকলতা আৰু দামোদৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত কুঁজি সত্ৰ। ইয়াৰ কীৰ্তন ঘৰৰ সন্মুখত বিৰাজমান এই কৰ্দৈ বৃক্ষ। কুঁজি সত্ৰৰ এই কৰ্দৈ জুপি অঞ্চলটোৰ ৰাইজৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত ভকত বৈষ্ণৱৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। লোক বিশ্বাস অনুসৰি এই কৰ্দৈ জুপিৰো আছে বহু মাহাত্ম্য। যাক বিশ্বাস কৰে ভকত বৈষ্ণৱে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে এই কৰ্দৈ জুপি তলত চাকি বন্তি জ্বলাই সেৱা আগবঢ়ালে হয় তেওঁলোকৰ মনোকামনা পূৰন। ৩৭০ বছৰীয়া এই কৰ্দৈ জুপিত জানি বুজি কোনো লোকে উঠিবলৈ সাহস নকৰে,ভাঙিবলৈ চিগিবলৈ চেষ্টা নকৰে ডাল পাত। কাৰন এই গছ জুপিৰ আছে এক অলৌকিক কাহিনী । গছত উঠিবলৈ চেষ্টা কৰা , গছৰ ডাল ভাঙা বহু লোকৰ হৈছে অমংগল। তাৰো আছে জলন্ত উদাহৰণৰ সাক্ষী গাওঁবাসী । আনহাতে কুঁজি বিলৰ নৈসৰ্গিক পৰিৱেশৰ পাৰতে অৱস্থিত এই সত্ৰত নিত্য-নৈমিত্তিক ভাবে মুখৰিত হৈ থকে হৰি নাম। পুৱা আইসকলৰ নাম, খোল প্রসংগ অাৰু দুপৰীয়া নাম কীৰ্তনৰে মুখৰিত হৈ থকা প্ৰকৃতিৰ মনোৰম পৰিবেশৰ মাজত থকা এই ঐতিহাসিক কুজি সত্ৰ আৰু এই কৰ্দৈ জুপিও হব পাৰে পৰ্যটনৰ আকৰ্ষণ থলী। চৰকাৰ তথা পৰ্যটন বিভাগে ৩৭০ বছৰীয়া সত্ৰখনৰ ওপৰত সুদৃষ্টি দিলে হৈ পৰিব পাৰে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। _____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
TAGGED:
BATADRAWA ANCIENT TREE