ETV Bharat / state

মাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰঃ দেশজুৰি চৰ্চা - মাজুলীত প্লাষ্টিকৰ বটলেৰে অংগনবাদী কেন্দ্ৰ

প্ৰতিটো কেন্দ্ৰৰে চৌহদত থাকিব পুষ্টিকৰ শাক-পাচলি তথা ফল-মূলৰ বাগিচাও। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত বাচনি কৰি উলিওৱা ৪৫টা অংগনবাদী কেন্দ্ৰৰ ভিতৰৰে চাৰিটা কেন্দ্ৰত প্ৰজেক্ট কিশলয়'ৰ অধীনত অংগনবাদী গৃহ উন্নীতকৰণৰ কামো আৰম্ভ কৰিছে জিলা প্ৰশাসনে।

assams-first-anganbadi-center-constructed-by-plastic-bottle
মাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰ
author img

By

Published : Jan 20, 2020, 4:29 PM IST

Updated : Jan 28, 2020, 1:00 PM IST

মাজুলী, 20 জানুৱাৰীঃ মাজুলীৰ অংগনবাদী কেন্দ্ৰসমূহত কণকণ শিশুসকলৰ উপযুক্ত পৰিচৰ্যা, পৰিপুষ্টিৰ লগতে খেল-ধেমালিৰ পৰ্যাপ্ত সুবিধা নিশ্চিত কৰিবলৈ এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । নদীদ্বীপ জিলাখনৰ অংগণবাদী কেন্দ্ৰসমূহৰ আন্তঃগাঠনি উন্নীত কৰি আকৰ্ষণীয়, পৰিষ্কাৰ-পৰিচ্ছন্ন ৰূপত গঢ়াৰ লক্ষ্যৰে উপায়ুক্ত শ্ৰীবিক্ৰম কৈৰীৰ তত্বাৱধানত জিলা প্ৰশাসনে 'কিশলয়' (প্ৰজেক্ট কিশলয়) শীৰ্ষক এটা গুৰুত্বপূৰ্ণ প্ৰকল্প কাৰ্যৰূপায়ণৰ বাবে ব্যৱস্থা হাতত লৈছে ।

বিগত বৰ্ষৰ ২২ অক্টোবৰ, পৰা আৰম্ভ হোৱা এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত নিজস্ব গৃহ নথকা আৰু জৰাজীৰ্ণ গৃহতে চলি থকা ১০০টা নিৰ্বাচিত অংগনবাদী কেন্দ্ৰৰ আন্তঃগাঠনি উন্নীতকৰণৰ পৰিকল্পনা হাতত লোৱা হৈছে । এই অংগনবাদী কেন্দ্ৰসমূহত শিশুৰ বাবে অনুকূল পৰিবেশৰ নতুন অংগনবাদী-গৃহ নিৰ্মাণ কৰা হ'ব । এই নতুন অংগনবাদী-গৃহসমূহৰ প্ৰতিটোতে শ্ৰেণীকোঠাৰ ভিতৰখন শিশুমনক আলোড়িত কৰিব পৰাকৈ আকৰ্ষণীয় গৃহসজ্জা তথা দেৱাল-অংকনেৰে সুশোভিত কৰি তোলা হ'ব। তদুপৰি প্ৰতিটো কেন্দ্ৰতে সুকীয়াকৈ শিশুৰ বাবে উপযোগী প্ৰসাধন-কক্ষ, ৰান্ধনিগৃহ থকাৰ উপৰি খেলা-ধূলাৰ বাবেও পৰ্যাপ্ত সমলেৰে কেন্দ্ৰটি সমৃদ্ধ কৰা হ'ব । তদুপৰি, প্ৰতিটো কেন্দ্ৰৰে চৌহদত থাকিব পুষ্টিকৰ শাক-পাচলি তথা ফল-মূলৰ বাগিচাও। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত বাচনি কৰি উলিওৱা ৪৫টা অংগনবাদী কেন্দ্ৰৰ ভিতৰৰে চাৰিটা কেন্দ্ৰত প্ৰজেক্ট কিশলয়'ৰ অধীনত অংগনবাদী গৃহ উন্নীতকৰণৰ কামো আৰম্ভ কৰিছে জিলা প্ৰশাসনে।

মাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰ
মাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰঃ দেশজুৰি চৰ্চা

লগতে পঢ়কঃ ৰাজনৈতিক ৰাজ্যপাল

Intro:প্ৰজেক্ট কিশলয় :
।।মাজুলীৰ শিশুৰ বাবে জিলা প্ৰশাসনৰ বিশেষ প্ৰয়াস।।
।।পেলনীয়া প্লাষ্টিক বটলেৰে সাজিছে অংগনবাদী কেন্দ্ৰ।।
।।নদীদ্বীপত প্লাষ্টিক প্ৰদূষণ হ্ৰাসৰ অভিনৱ কৌশল।।

মাজুলীৰ অংগনবাদী কেন্দ্ৰসমূহত কণকণ শিশুসকলৰ উপযুক্ত পৰিচৰ্যা, পৰিপুষ্টিৰ লগতে খেল-ধেমালিৰ পৰ্যাপ্ত সুবিধা নিশ্চিত কৰিবলৈ এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। নদীদ্বীপ জিলাখনৰ অংগণবাদী কেন্দ্ৰসমূহৰ আন্তঃগাঠনি উন্নীত কৰি আকৰ্ষণীয়, পৰিষ্কাৰ-পৰিচ্ছন্ন ৰূপত গঢ়াৰ লক্ষ্যৰে উপায়ুক্ত শ্ৰীবিক্ৰম কৈৰী, আইএএছ-ৰ বিশেষ তত্বাৱধানত জিলা প্ৰশাসনে 'কিশলয়' (প্ৰজেক্ট কিশলয়) শীৰ্ষক এটা গুৰুত্বপূৰ্ণ প্ৰকল্প কাৰ্যৰূপায়ণৰ বাবে হাতত লৈছে। ২২ অক্টোবৰ, ২০১৯ৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত নিজস্ব গৃহ নথকা আৰু জৰাজীৰ্ণ গৃহতে চলি থকা ১০০টা নিৰ্বাচিত অংগনবাদী কেন্দ্ৰৰ আন্তঃগাঠনি উন্নীতকৰণৰ পৰিকল্পনা কৰা হৈছে। এই অংগনবাদী কেন্দ্ৰসমূহত শিশুৰ বাবে অনুকূল পৰিবেশৰ নতুন অংগনবাদী-গৃহ নিৰ্মাণ কৰা হ'ব। এই নতুন অংগনবাদী-গৃহসমূহৰ প্ৰতযেকতে শ্ৰেণীকোঠাৰ ভিতৰখন শিশুমনক আলোড়িত কৰিব পৰাকৈ আকৰ্ষণীয় গৃহসজ্জা তথা দেৱাল-অংকনেৰে সুশোভিত কৰি তোলা হ'ব। তদুপৰি প্ৰতিটো কেন্দ্ৰতে সুকীয়াকৈ শিশুৰ বাবে উপযোগী প্ৰসাধন-কক্ষ, ৰান্ধনিগৃহ থকাৰ উপৰি খেলা-ধূলাৰ বাবেও পৰ্যাপ্ত সমলেৰে কেন্দ্ৰটি সমৃদ্ধ কৰা হ'ব। তদুপৰি, প্ৰতিটো কেন্দ্ৰৰে চৌহদত থাকিব পুষ্টিকৰ শাক-পাচলি তথা ফল-মূলৰ বাগিচাও। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত বাচনি কৰি উলিওৱা ৪৫টা অংগনবাদী কেন্দ্ৰৰ ভিতৰৰে চাৰিটা কেন্দ্ৰত প্ৰজেক্ট কিশলয়'ৰ অধীনত অংগনবাদী গৃহ উন্নীতকৰণৰ কামো আৰম্ভ কৰিছে জিলা প্ৰশাসনে।
এই প্ৰকল্পৰে অংশ হিচাপে মাজুলী জিলা প্ৰশাসনে হাতত লৈছে আন এক অভিনৱ প্ৰয়াসো। নদীদ্বীপ জিলাখনৰ জৈৱ-বৈচিত্ৰৰে ভৰপুৰ, নিৰ্মল-বিশুদ্ধ বায়ু-পানীৰে জীপাল বিনন্দীয়া পৰিবেশ সুৰক্ষাৰ দিশত জনসজাগতা বৃদ্ধিৰ উদ্দেশ্যে আৰু প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাৰ্তাৰে পেলনীয়া প্লাষ্টিক-বটলেৰে ব্যৱহাৰ কৰি 'কিশলয় প্ৰকল্প'ৰ অধীনৰ আদৰ্শ অংগনবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সম্পূৰ্ণ পৰীক্ষামূলক ভাৱে হাতত লোৱা এই পৰিবেশ অনুকূল প্ৰয়াসৰ দ্বাৰা প্ৰথম পৰ্যায়ত পেলনীয়া প্লাষ্টিক-বটলেৰে এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। পেলনীয়া প্লাষ্টিকৰ বটলেৰে গৃহ নিৰ্মাণৰ বাবে মাজুলীত লোৱা পদক্ষেপ হৈছে ৰাজ্যৰ ভিতৰতে এনেধৰণৰ প্ৰথমটো প্ৰয়াস। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে ইয়াৰ বাবে বাচনি কৰিছে চিলাকলা গাঁও পঞ্চায়ত এলেকাৰ কাকৰিকটা-পাবনা গাঁৱৰ অংগনবাদী কেন্দ্ৰক। এই সমগ্ৰ প্ৰকল্প-পৰিকল্পনাক নেতৃত্ব দিয়া মাজুলীৰ উপায়ুক্ত শ্ৰীকৈৰীয়ে ২৫ ডিচেম্বৰ, ২০১৯ত কাকৰিকটা-পাবনা অংগনবাদী কেন্দ্ৰত প্লাষ্টিক-বটলেৰে নিৰ্মাণ কৰিবলৈ লোৱা নতুন গৃহৰ লাইখুটা আনুষ্ঠানিক ভাৱে স্থাপন কৰাৰ পাছত এই অভিনৱ শৈলীৰ গৃহ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে আগবাঢ়িছে।
উল্লেখ্য যে, আফ্ৰিকাৰ দেশসমূহৰ লগতে ফিলিপাইনছৰ গ্ৰামাঞ্চলত বহুল ব্যৱহৃত এই গৃহনিৰ্মাণ পদ্ধতিৰে ইতিমধ্যে ভাৰতৰ ভিতৰত কৰ্ণাটকৰ দুই-এক স্থানতো পৰীক্ষামূলক ভিত্তিত কিছুসংখ্যক ঘৰ নিৰ্মাণ কৰা হৈছে। প্লাষ্টিকৰ আৱৰ্জনাসৃষ্ট ভয়াবহ প্ৰদূষণৰ মাত্ৰা হ্ৰাসৰ ক্ষেত্ৰত ফলপ্ৰসু অৰিহণা যোগাব পৰা এই গৃহ নিৰ্মাণ শৈলীৰ অধীনত আধা লিটাৰ-এক লিটাৰৰ খোৱাপানীৰ পেলনীয়া প্লাষ্টিকৰ পানীৰ বটলসমূহ সংগ্ৰহ কৰি ভিতৰত বালি ভৰাই একো একোটা 'প্লাষ্টিক-বটল ইটা' ৰূপে ব্যৱহাৰ কৰা হয়। স্বাভাৱিক ইটাৰ দৰেই এই বালিভৰ্তি প্লাষ্টিক-বটল ইটাকো চিমেণ্ট মচলাৰে ব্যৱহাৰ কৰি ঘৰৰ দেৱালৰ গাঠনি কৰা হয়। 'কিশলয় প্ৰকল্প''ৰ অধীনত নিৰ্মাণ কৰা কাকৰিকটা-পাবনা গাঁও অংগনবাদী কেন্দ্ৰৰ গৃহটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২০ হেজাৰৰ পৰা ২৫ হেজাৰ প্লাষ্টিক বটল ইটাৰ প্ৰয়োজন হ'ব। ইয়াৰ বাবে প্ৰয়োজনীয় প্লাষ্টিকৰ বটল সংগ্ৰহ কৰি বালি ভৰাই প্লাষ্টিক বটল ইটা প্ৰস্তুত কৰা কামৰ দায়িত্ব গ্ৰহণ কৰিছে পশ্চিম কাকৰিকটা ইন্দিৰা মহিলা সমিতিসহ একাধিক মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলে। এনেদৰে প্ৰস্তুত কৰা প্লাষ্টিক বটলসমূহ গৃহ নিৰ্মাণত ব্যৱহাৰৰ বাবে মহিলাসকলৰ পৰা ক্ৰয় কৰে জিলা প্ৰশাসনে। স্বাভাৱিকতে, এই অভিনৱ শৈলীৰ গৃহনিৰ্মাণ প্ৰকল্পই প্ৰদূষণ ৰোধৰ দিশত ইতিবাচক প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ গ্ৰামীণ মহিলাসকলৰ বাবে উপাৰ্জনৰ পথো মুকলি কৰিছে। এনেদৰে প্ৰদূষণমুক্ত মাজুলী গঢ়াৰ দিশত মহিলাসকলৰো অংশগ্ৰহণ সুনিশ্চিত কৰাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলত মহিলা সবলীকৰণতো উদগণি যোগাইছে এই পৰীক্ষামূলক প্ৰয়াসে।
আনহাতে, গৃহনিৰ্মাণ ব্যয়ৰ ক্ষেত্ৰতো ইটা গাঠনিৰ গৃহনিৰ্মাণতকৈ পেলনীয়া প্লাষ্টিক বটলৰ ব্যৱহাৰেৰে গৃহনিৰ্মাণৰ এই পদ্ধতি তুলনামূলকভাৱে যথেষ্ট উপযোগী হিচাপে পৰিগণিত হৈ আহিছে। এটুকুৰা ইটাৰ বজাৰ মূল্য কমেও দহ টকা হোৱাৰ বিপৰীতে এটা প্লাষ্টিক বটল ইটাত খৰছ পৰে মাথো দুটকাৰ পৰা তিনিটকাৰ ভিতৰত। ৪-৬ টকাতে উপলব্ধ একলিটাৰৰ দুটা প্লাষ্টিক বটল ইটাৰ আকাৰ এটুকুৰা ইটাতকৈ কিছু ডাঙৰ হয়। সেয়ে, ইয়াক এক মিতব্যয়ী গৃহনিৰ্মাণ পদ্ধতি হিচাপেও বিবেচনা কৰা হয়। এই গৃহনিৰ্মাণ পদ্ধতিৰ আন এক ইতিবাচক দিশ হৈছে যে প্লাষ্টিক বটলৰ ইটাৰে গঠা দেৱাল স্বাভাৱিক ইটা গাঠনিৰ দেৱালতকৈ অধিক শক্তিশালী বুলি ইতিমধ্যে কাৰিকৰী বিশেষজ্ঞসকলে নিশ্চিত কৰিছে।

বাইট বিক্ৰম কৈৰী জিলা উপায়ুক্ত মাজুলী ।।

বাইট 2 স্থানীয় যুৱক ।।Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।Conclusion:
Last Updated : Jan 28, 2020, 1:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.