ETV Bharat / state

Sangeet Natok Academy Award 2022: নতুন কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰি বৰা বৰবায়নলৈ ৰাষ্ট্ৰীয় অমৃত সন্মান

author img

By

Published : Nov 26, 2022, 6:09 PM IST

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে শুকুৰবাৰে ঘোষণা কৰে সংগীত নাটক একাডেমী বঁটাপ্ৰাপকসকলৰ নাম (Sangeet Natok Academy Award 2022) । দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 128 গৰাকী শিল্পীৰ ভিতৰত আছে অসমৰ কেইবাগৰাকীও শিল্পী ৷ মাজুলীৰ ৯১ বছৰীয়া বৈষ্ণৱ, সত্ৰীয়া অধ্যাপক, বৰবায়ন দেৱকো বিভূষিত কৰা হৈছে ৰাষ্ট্ৰীয় অমৃত সন্মানেৰে ।

Sangeet Natok Academy Award 2022
নতুন কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰি বৰা বৰবায়নলৈ ৰাষ্ট্ৰীয় অমৃত সন্মান

মাজুলী, 26 নৱেম্বৰ: মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, বৈষ্ণৱ পণ্ডিত হৰি বৰা বৰবায়ন দেৱলৈ ৰাষ্ট্ৰীয় অমৃত সন্মান(Sangeet Natok Academy Award 2022) । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমীয়ে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ লগত সংগতি ৰাখি দেশৰ ৮৬ জন বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা থকা ব্যক্তিলৈ আগবঢ়াইছে এই বঁটা ৷ মাজুলীৰ ৯১ বছৰীয়া বৈষ্ণৱ, সত্ৰীয়া অধ্যাপক, বৰবায়ন দেৱকো ৰাষ্ট্ৰীয় অমৃত সন্মানেৰে বিভূষিত কৰা হৈছে ।

বৈষ্ণৱ হৰি বৰা বৰবায়নে ওৰে জীৱন সত্ৰীয়া সংস্কৃতি সাধনা কৰাৰ লগতে বহুজনক শিক্ষা প্ৰদান কৰি আহিছে । বৈষ্ণব হৰি বৰা বৰবায়নে এই বঁটা তেওঁক প্ৰদান কৰা বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ সংগীত নাটক অকাডেমিক ধন্যবাদ জনায় ৷ তেওঁ এই বঁটাৰ বাবে যোগ্য হোৱাটো অকল তেওঁৰ বাবেই নহয় সমগ্ৰ অসমবাসীৰ লগতে মাজুলীবাসীৰ বাবে গৌৰৱৰ কথা বুলি উল্লেখ কৰে ।

হৰি বৰা বৰবায়নক এই বঁটাৰ বাবে বিভিন্নজনে শুভেচ্ছা জনায় ৷ নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ প্ৰভাত বৰা বুঢ়াভকতে নতুন কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, বৈষ্ণৱ পণ্ডিত হৰি বৰা বৰবায়ন দেৱলৈ ৰাষ্ট্ৰীয় অমৃত সন্মান দিয়াৰ বাবে মাজুলীবাসীৰ লগতে নতুন কমলাবাৰী সত্ৰৰ হৈ সংগীত নাটক অকাডেমীক ধন্যবাদ জনায়(The prestigious Sahitya Akademi Awards 2022) । তেওঁ লগতে কয় এনেদৰে যদি শ্ৰমদান কৰা লোকসকলক উৎসাহিত কৰে তেতিয়া যি বিষয়ৰ বাবে এই বঁটা প্ৰদান কৰিছে সেই বিষয়ৰ প্ৰতি নৱ প্ৰজন্ম আকৰ্ষিত হ’ব ৷

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে শুকুৰবাৰে 2019, 2020 আৰু 2021 বৰ্ষৰ বাবে সংগীত নাটক একাডেমী বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হয় । দেশৰ ভিন্ন প্ৰান্তৰ মুঠ 128 গৰাকী শিল্পীক নিৰ্বাচিত কৰা হৈছে এই সন্মানৰ বাবে(Prestigious Sangeet Natok Academy award 2022) ৷ অসমৰ কেইবাগৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে এই সন্মানীয় বঁটা ৷

সংগীত আৰু নৃত্যৰ বাবে বিশিষ্ট লোকশিল্পী ড৹ প্ৰসন্ন গগৈ, অভিনয়ৰ বাবে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অংকীয়া নাটৰ বাবে গুনীন্দ্ৰ নাথ ওজাক আৰু নাট্য পৰিচালনাৰ বাবে বিশিষ্ট পৰিচালক অৱিনাশ শৰ্মা আৰু সত্ৰীয়া নৃত্যৰ বাবে ৰঞ্জুমণি শইকীয়ালৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমী বঁটা ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব এই বঁটা ৷ বঁটা প্ৰাপকসকলক এক লাখ টকাকৈ আগবঢ়োৱা‌ হ'ব ৷

লগতে পঢ়ক: Sangeet Natok Academy Award 2022: অসমৰ কেইবাগৰাকীও শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.