মাজুলী, 13 জানুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত 18 জানুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ আনহাতে 19 জানুৱাৰীত নিমাতিৰ অফলামুখ হৈ মাজুলীত প্ৰৱেশ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ যাত্ৰাৰ সময়ত মাজুলীৰ আউনীআটী সত্ৰ পৰিদৰ্শন কৰি ৰাহুল গান্ধীয়ে লগতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ সৈতেও মত বিনিময় কৰিব বুলি উল্লেখ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
সেয়ে, সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ সৈতে যাতে ৰাহুল গান্ধীয়ে মত বিনিময় কৰিব পাৰে তাৰ অনুমতি বিচাৰিবলৈ শনিবাৰে নিশা মাজুলীৰ আউনীআটী সত্ৰত উপস্থিত হয় ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটা দল আৰু সাক্ষাৎ কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক ৷ আনহাতে, ৰাহুল গান্ধীয়ে মাজুলীলৈ যাত্ৰা কৰিবলৈ চৰকাৰী জাহাজ ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰাৰ অভিযোগ তুলি ভূপেন বৰাই কয়, ‘‘ ইটোৰ পাচত সিটো কাৰণ দেখুওৱাই আমি নিৰ্বাচন কৰি দিয়া পথেৰে যাত্ৰা কৰিবলৈ দিব খোজা নাই চৰকাৰে ৷ আমি ৰ’ ৰ’ জাহাজ বিচাৰিছিলো ৷ কিন্তু দিব নে নিদিয়ে সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷’’
তেওঁ লগতে কয়, ‘‘গোগামুখত ৰাতি থাকিবলৈ আমি এখন স্কুল বিচাৰিছিলো ৷ কিন্তু আমি বিচৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে অনুমতি দিয়া বন্ধ কৰিলে ৷ সেয়ে আমি ব্যক্তিগত পথাৰত থাকিম ৷ কিন্তু বাট-পথৰ ক্ষেত্ৰত ইমান বাধা দিয়া দেখা নাছিলো ৷ ইযাৰ পূৰ্বে 3 হাজাৰৰো অধিক পথ অতিক্ৰম কৰি কাশ্মীৰত ভাৰত জোড়ো যাত্ৰা কৰিছিল ৷ বহুকেইখন ৰাজ্যত বিজেপিৰ চৰকাৰ আছিল ৷ তাতটো ইমান বাধা আহি পৰা নাছিল ৷ অসমত কিয় ভাৰত ন্যায় যাত্ৰাক বাধা দিব বিচাৰিছে অসম চৰকাৰে ? অসমৰ মুখ্যমন্ত্ৰীগৰাকী কিয় ইমান প্ৰতিশোধপৰায়ণ !’’
লগতে পঢ়ক : মাজুলীত কুঁৱলীৰ বাবে ফেৰী চলাচলত বাধা