মাজুলী , 2 নৱেম্বৰঃশনিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল মাজুলীৰ চামগুৰি সত্ৰৰ ৰাৱনাপাৰাৰ আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ ৷ নিজৰ কৰ্মক্ষেত্ৰ এৰি অতীতৰ সুবাস বিচাৰি বিদ্যালয় প্ৰাংগনত উপস্থিত হ'লহি এজাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ৷ ৫৭ বছৰ গৰকা বিদ্যালয়খনত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা কাৰ্যসূচীত মহামিলন ঘটিল ৫৭ টা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু সকলৰ ৷
১৯৬২ চনত প্ৰতিস্থা লাভ কৰা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰথম দিনটোত অন্যান্য কাৰ্যসূচীৰ লগতে উদ্বোধন কৰা হয় বিদ্যালয়ৰ স্থায়ী তোৰণখন ৷ শনিবাৰে সন্ধিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অন্তৰংগ আলাপ আৰু বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন হোৱাৰ লগতে দেওবাৰে অনুষ্ঠিত হ'ব লগা সমাৰোহৰ মূল কাৰ্যসূচী মুকলি সভাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ পুৰুধা সাংবাদিক, সাহিত্যিক, শিক্ষাবিদে অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়কঃ অতি শীঘ্ৰে ৩৮ টালৈ হ্ৰাস পাব চৰকাৰী বিভাগৰ সংখ্যা