ETV Bharat / state

Allegation of Irregularities: মাজুলীত চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ

author img

By

Published : Jul 15, 2023, 1:30 PM IST

মাজুলীৰ এটা চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহ কৰাৰ কেমেৰাত বন্দী হৈছে ৷ মাজুলী জিলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহত ব্যস্ত এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷

Block Elementary Education Officer Majuli
ধন সংগ্ৰহৰ অভিযোগ
চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহ

মাজুলী, 15 জুলাই : দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত এইবাৰ চৰকাৰী কাৰ্যালয়তে মুকলিকৈ ধন সংগ্ৰহৰ দৃশ্য বন্দী কেমেৰাত ৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মুকলিকৈ ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ এই ঘটনা সংঘটিত হৈছে মাজুলীত ৷

মাজুলীৰ এটা চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহ কৰাৰ এটা চাঞ্চল্যকৰ দৃশ্য ইটিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে ৷ ধন সংগ্ৰহৰ দৃশ্য চাই এইয়া বেংক নে শিক্ষা বিভাগৰ কার্যালয় ধৰিবই নোৱাৰি ৷ হাতত টকা লৈ বিষয়াৰ ৰুমৰ সন্মুখত শাৰী শাৰী শিক্ষক ৷

মাজুলী জিলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহত ব্যস্ত এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ মাজুলী জিলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ ভিতৰ মুকলি ভাবে ধন সংগ্ৰহৰ সমগ্ৰ ভিডি'অ বন্দী হৈছে ইটিভি ভাৰতৰ কেমেৰাত ৷ সংগ্ৰহ কৰা প্ৰতিটো ভিডি'অত আছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনে শিক্ষকৰ পৰা টকা লৈ থকাৰ প্ৰমাণ ৷ মহিলা শিক্ষয়ত্ৰী গৰাকীয়ে কিমান ধন দিলে আন এগৰাকী শিক্ষয়ত্ৰীয়ে হাতেৰে ইংগিত দি সোধাও দেখা পোৱা গৈছে ৷

এই বিষয় সন্দৰ্ভত জানিব বিচৰাত তাত কোনো ধৰণৰ ধন সংগ্ৰহ কৰা নাই বুলি মন্তব্য কৰে গাণনিক বিষয়া গৰাকীয়ে ৷ লগতে এই কাৰ্যালয়ত কোনো ধনৰ লেন-দেন নহয় বুলি জনাই বিষয়া গৰাকীয়ে ৷ অন্য হাতে কাৰ নিৰ্দেশত এই ধন সংগ্ৰহ কৰিছে তাৰো তথ্য নাই কাৰো হাতত ৷ আৰক্ষী তথা প্ৰশাসন যিমান কঠোৰ হৈছে, তাৰ বিপৰীতে একাংশই মুকলিকৈ কাৰ্যালয়ৰ ভিতৰতে ধন সংগ্ৰহ কৰাৰ দৰে কাৰ্য সংঘটিত কৰি আহিছে ৷ কাৰ সাহসত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনে এনেদৰে ধন সংগ্ৰহ কৰিছে সেইয়া এক প্ৰশ্নৰ বিষয় ৷ লগতে প্ৰশাসনে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা লয় সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Thief injured in police firing: দৰঙত আৰক্ষী গুলীত আহত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.