ETV Bharat / state

Majuli by poll : প্ৰাৰ্থী তিনি হ'লেও যুঁজ হ’ব দুজনৰ মাজতহে

author img

By

Published : Feb 18, 2022, 9:39 PM IST

মাজুলীত ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ (Majuli by election)৷ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা তিনিওজনৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰে নিৰ্বাচনী বিষয়াই (All three nomination papers for Majuli by poll found valid) । পিছে প্ৰাৰ্থী তিনিজন হ’লেও মূল যুঁজখন হ’ব দুজনৰ মাজতহে ৷

Majuli By Election
প্ৰাৰ্থী তিনি হ'লেও যুঁজ হ’ব দুজনৰ মাজতহে

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: আজি আছিল মাজুলীৰ উপ-নিৰ্বাচনৰ মনোনয়ন পৰীক্ষাৰ দিন(Majuli by election) । ইতিমধ্যে যি তিনিজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল তেওঁলোক তিনিওজনৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰে নিৰ্বাচনী বিষয়াই (All three nomination papers for Majuli by poll found valid) । এই তিনিগৰাকী প্ৰাৰ্থী হ'ল বিজেপি তথা মিত্ৰজোঁটৰ ভুবন গাম, কংগ্ৰেছ আৰু ৰাইজৰ দল সমৰ্থিত অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আইৰ ভাইটি ৰিচং ।

প্ৰাৰ্থী তিনিজন হ'লেও 7 মাৰ্চৰ মাজুলীৰ উপ-নিৰ্বাচনত মূল যুঁজখন হ’ব চিত্তৰঞ্জন বসুমতাৰী আৰু ভুবন গামৰ মাজতহে ৷ ইতিমধ্যে এই দুয়োপক্ষই পৰস্পৰৰ মাজত ৰাজনৈতিক আক্ৰমণ, প্ৰতি আক্ৰমণ আৰম্ভ কৰিছেই । বিজেপি তথা মিত্ৰজোঁটে বিৰোধীৰ প্ৰাৰ্থীগৰাকীক ‘চালানী’ বুলি কটাক্ষ কৰাৰ বিপৰীতে এনেয়ে হাত সাৱটি বহি থকা নাই বিৰোধীও । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগেলগে উভতি ধৰি শাসক পক্ষক প্ৰশ্ন কৰিছে- ‘‘সৰ্বানন্দ সোণোৱাল মাজুলীত ‘চালানী’ নাছিল নেকি?’’ মুঠতে উভয় পক্ষৰ মাজত ৰাজনৈতিক শেল প্ৰক্ষেপন ইতিমধ্যে আৰম্ভ হৈ গৈছে ।

এইবাৰ মাজুলীৰ উপ-নিৰ্বাচনত ভোটদান কৰিব ১,৩২,৪৪৫ গৰাকী ভোটাৰে (Voters in Majuli)। ইয়াৰে পুৰুষ ভোটদাতাৰ সংখ্যা হৈছে ৬৭,৪৬৮ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৬৪,৯৭৭ গৰাকী । সমষ্টিটোৰ মুঠ ২০৩ টা কেন্দ্ৰত সম্পন্ন হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । আনহাতে শাসক দলৰ প্ৰাৰ্থী ভুবন গামৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই সমষ্টিটোত কমেও দহখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব । কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, মাজুলীত নিজৰ উত্তৰসুৰী হিচাপে থৈ আহিব খোজা ভুবন গামৰ হৈ প্ৰচাৰ চলাব সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ।

একেদৰে, দুয়োটা মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ শীৰ্ষ নেতৃত্বয়ো মাজুলীত প্ৰচাৰ চলাব গামৰ হৈ । আনহাতে, বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈকে ধৰি বিৰোধীৰ কেইবাজনো নেতাই মাজুলীত চলাব নিৰ্বাচনী প্ৰচাৰ ।

লগতে পঢ়ক: মাজুলীত আজিৰে পৰা আৰম্ভ অসম ভাওনা সমাৰোহ ২০২২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.