ETV Bharat / state

সৰ্বানন্দ সোণোৱালে উন্নয়নৰ নামত চলাইছে চিণ্ডিকেট : চিত্ত বসুমতাৰী - majuli

2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বজায় নিৰ্বাচনী ৰণডংকা ৷

ajp-rally-in-majuli
সৰ্বানন্দ সোণোৱালে উন্নয়নৰ নামত চলাইছে চিণ্ডিকেটঃ চিত্ৰ বসুমতাৰী
author img

By

Published : Jan 18, 2021, 6:19 PM IST

Updated : Jan 18, 2021, 7:08 PM IST

মাজুলী, 18 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত বজায় নিৰ্বাচনী ৰণডংকা ৷ মাজুলিৰ ৰাজপথত বিশাল বাইক ৰেলী কৰি শক্তি প্ৰদৰ্শন কৰে এজেপিয়ে ৷

সৰ্বানন্দ সোণোৱালে উন্নয়নৰ নামত চলাইছে চিণ্ডিকেট : চিত্ত বসুমতাৰী

উক্ত বাইক ৰেলীত অংশগ্ৰহণ কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চিত্ত বসুমতাৰী, প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে তথা এজেপি নেতা শিশুধৰ দলেই ৷

বাইক ৰেলীৰ অন্তত মাজুলীৰ সোণাৰী আটি নৱজ্যোতি কৃষ্টি সংঘত এজেপিৰ জিলা অভিৱৰ্তন অনুষ্ঠিত হয় । অভিৱৰ্তনত মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উক্ত অভিৱৰ্তনত শক্তিশালী ৰূপত অসম জাতীয় পৰিষদৰ জিলা সমিতিও গঠন কৰা হয় ।

মাজুলীত প্ৰচাৰ চলাই অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ৰ বসুমতাৰীয়ে মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক্ষুৰধাৰ সমালোচনা কৰে । সোণোৱালৰ নেতৃত্বত মাজুলীত দালালৰাজ চলাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে বসুমতাৰীয়ে ৷

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলা

Last Updated : Jan 18, 2021, 7:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.