ETV Bharat / state

বৃহৎ নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত মাজুলীত আছুৰ প্ৰতিবাদ

author img

By

Published : Sep 30, 2022, 9:03 PM IST

নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত উত্তাল ৰাজ্য(Lower Subansiri Hydroelectric Power Project) ৷ মাজুলীতো নদীবান্ধৰ বিৰোধীতাত মাজুলী জিলা আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

aasu protest against nhpc in majuli
বৃহৎ নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত মাজুলীত আছুৰ প্ৰতিবাদ

মাজুলী, 30 ছেপ্টেম্বৰ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ 2 নং টানেলৰ ওপৰেদি হোৰা-হোৰে পানী বাগৰাৰ পাছত নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত উত্তাল হৈ পৰিছে ৰাজ্য ৷ শুকুৰবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত মাজুলী জিলা আছুৱে নদীবান্ধৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Subansiri lower dam) ৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক সদস্যই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে (AASU Protest at Majuli) ।

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষক নদীবান্ধৰ নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে সকিয়াই দিয়ে ৷ মাজুলী জিলা আছুৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে, মাজুলী, ধেমাজি, লখিমপুৰ আদিকে ধৰি উত্তৰ অসমৰ লক্ষ লক্ষ জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বৃহৎ নদীবান্ধ বন্ধ কৰিবই লাগিব ।

ছাত্ৰ সন্থাৰ নেতৃত্বই দৃঢ়তাৰে কয় যে, সোৱণশিৰি নদীবান্ধে অসমৰ সভ্যতা সংস্কৃতি আৰু ইতিহাস সম্পূৰ্ণৰূপে ধ্বংস কৰিব । তেওঁলোকে নদীবান্ধটোক বাবে নামনি অংশৰ জনসাধাৰণক লৈ চৰকাৰে হেতালি খেলিব খোজা কাৰ্য সহ্য কৰা নহ’ব বুলিও তেওঁ হুংকাৰ দিয়ে । নদীবান্ধৰ কাম অতি শীঘ্ৰে বন্ধ নকৰিলে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে মাজুলী জিলা ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.