ETV Bharat / state

মাজুলীৰ বাবে এটা ভয়ংকৰ খবৰ

মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা বিৰ্তকিত টি.কে কোম্পানীৰ খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সৰ্ম্পূণ নৌ হওতেই মাজুলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখযোগ্য যে, বিগত চাৰিমাহৰ পৰা খহনীয়া প্ৰতিৰোধৰ কাম-কাজ বন্ধ হৈ আছে ৷ একেদৰে মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি.কে কোম্পানীৰ মাজত চলিছে শীতল যুদ্ধ ৷

author img

By

Published : Feb 26, 2021, 12:59 PM IST

Updated : Mar 2, 2021, 1:06 PM IST

মাজুলীৰ বাবে এটা ভয়ংকৰ খবৰ
মাজুলীৰ বাবে এটা ভয়ংকৰ খবৰ

মাজুলী,26 ফেব্ৰুৱাৰী: মাজুলীৰ বাবে এটা ভয়ংকৰ খবৰ ৷ মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা বিৰ্তকিত টি.কে কোম্পানীয়ে খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সৰ্ম্পূণ নৌ হওতেই মাজুলীৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপ হৈছে ৷ উল্লেখযোগ্য যে, বিগত চাৰিমাহৰ পৰা খহনীয়া প্ৰতিৰোধৰ কাম-কাজ বন্ধ হৈ আছে ৷ একেদৰে মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি.কে কোম্পানীৰ মাজত চলিছে শীতল যুদ্ধ ৷ যাৰ ফলস্বৰূপে দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ দৰে হৈছে মাজুলীবাসীৰ ৷

as_maj_01_majulinews_byte1_as10026
মাজুলীৰ বাবে এটা ভয়ংকৰ খবৰ

ইপিনে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ৫০ খনৰো অধিক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কাম নকৰাৰ অভিযোগ উঠিছে টি’কে কোম্পানীৰ বিৰুদ্ধে । ব’ৰ্ডৰ বিষয়া-অভিযন্তাৰ ফোন নধৰে টি.কে কোম্পানীৰ বিষয়াই । সম্প্ৰতি মাজুলীৰ পৰা টি.কে কোম্পানীৰ প্ৰজেক্ট মেনেজাৰকে ধৰি অন্যান্য বিষয়া সকল পলায়ন কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে, ২০৬ কোটি টকাৰ আঁচনি খনৰ প্ৰায় ১৩০ কোটিৰো অধিক টকা ইতিমধ্যে উলিয়াই নিছে টি.কে কোম্পানীয়ে । যাৰফলত মাজুলীৰ ভবিষ্যতক লৈ ভয়াৱহ সংকট নামি আহিছে । খৰালি মাহত কাম বন্ধ হৈ থাকিল ৷ সমাগত বাৰিষা মাজুলী শালমৰা, কামজান এলেঙী, কমলাবাৰী ফেৰী ঘাট, ভকত চাপৰি, নামনি সাৰআতি মিছামাৰীকে ধৰি বহু ঠাইত এতিয়াও অব্যাহত আছে খহনীয়া । গতিকে বাৰিষা অধিক ভয়াৱহ খহনীয়া হোৱাৰ আশংকাই দেখা দিছে। কিন্তু মাজুলী সুৰক্ষাৰ নামত কোটি কোটি টকা উদৰস্থ কৰা বিভাগৰ বিষয়া-অভিযন্তাই টি.কে কোম্পানীক নাকী লগাব নোৱাৰি এতিয়া কাৰ্যালয়তে শুই বহি কটাইছে ।

মাজুলীৰ বাবে এটা ভয়ংকৰ খবৰ

মন কৰিবলগীয়া যে, মাজুলীৰ আন্ত:গাঁঠনি উন্নয়নত চৰকাৰে কোটি কোটি টকা আৱন্টন দিছে । কিন্তু মাজুলীৰ ভৌগোলিক চাৰিসীমা সুৰক্ষিত ন’হলে এই আঁচনি ৰূপায়ন কৰি কি লাভ হব বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে । পৰিৱৰ্তকামী চৰকাৰ খনে নমামী ব্ৰহ্মপুত্ৰ অনুষ্ঠান পাতি কোটি কোটি টকা ব্যয় কৰিলে কিন্তু খহনীয়া প্ৰতিৰোধৰ প্ৰকৃত সত্য এতিয়া পৰিস্ফুত হৈ পৰিছে । যাৰফলত এতিয়া নৈ-পৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে । সম্প্ৰতি ভকত চাপৰিৰ ১৬ খন গাঁৱৰ গঞাই আতংকৰ মাজত জীৱন অতিবাহিত কৰিব লগীয়া হৈছে ।

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.