ETV Bharat / state

A family from Majuli ostracized from society:জাত-পাত আৰু সামাজিক নিয়ম যেতিয়া কাৰোবাৰ বাবে দুৰ্বিসহ হৈ পৰে !

কনিষ্ঠ পুত্ৰই ঘৰ সুমুৱালেহি আহোম জাতিৰ ছোৱালী, বৰপুত্ৰই নাপাতিলে সামাজিক বিবাহ, সমাজৰ পৰা দীৰ্ঘদিনে এঘৰীয়া হৈ থকা পিতৃৰ চকুত চকুলো ৷ সবিশেষ আগলৈ-

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:12 PM IST

a family from majuli exduded from society
এটা পৰিয়ালৰ দুৰ্দশাৰ কথা
এটা পৰিয়ালৰ দুৰ্দশাৰ কথা

মাজুলী, 31 আগষ্ট : মাজুলীৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী এইয়া ৷ দীৰ্ঘ সময় ধৰি সমাজৰ পৰা বঞ্চিত হৈ আছে তেওঁলোক ৷ কেতিয়াবা প্ৰশ্ন উদয় হয় মানুহ লৈ সমাজ গঠিত হয়নে, সমাজে মানুহক লৈ আগবাঢ়ে ৷ সুস্থ চিন্তা ধাৰাৰ মানুহৰ সংমিশ্ৰণেৰে গঠিত সমাজ এখন নিশ্চয়কৈ কেতিয়াও কাৰো বাবে অশান্তিৰ কাৰণ হৈ নপৰে ৷ কিন্তু আজিৰ এই কাহিনীটো সম্পূৰ্ণ ওলোটা ৷ প্ৰায় এটা দীঘলীয়া সময় সমাজৰ পৰা আঁতৰি থাকি অৱশেষত ভাগৰি পৰিল ঘৰৰ মুখীয়ালজন ৷ হুক হুকাই কান্দি উঠিল সাংবাদিকৰ আগত ৷

a family from majuli ostracized from society
এটা পৰিয়ালৰ দুৰ্দশাৰ কথা

কলিতা সম্প্ৰদায়ৰ এই পৰিয়ালটো মাজুলীৰ মলুৱাল কলিতা গাঁৱৰ নিবাসী ৷ তেওঁলোকৰ পৰিয়ালৰ দুৰ্দশাৰ কথা তেতিয়া পোহৰলৈ আহিল যেতিয়া পৰিয়ালটোৰ বৰপুত্ৰ গজেন ৰাজখোৱা পৰলোকগামী হয় ৷ গাঁওখনৰ কোনো এজন মানুহ নাহিল তেওঁৰ আদ্যশ্ৰাদ্ধলৈ ৷ কাৰণটো কি জানেনে ? প্ৰয়াত গজেন ৰাজখোৱাই সামাজিকভাৱে বিয়া পতা নাছিল আৰু তেওঁৰ ভাতৃয়ে, পৰিয়ালটোৰ কনিষ্ঠজনে আহোম সম্প্ৰদায়ৰ এগৰাকী ছোৱালী বিয়া পাতিছিল ৷ মাথো ইমানেই, আৰু এইয়াই আমাৰ তথাকথিত সমাজৰ আগত ইমান ডাঙৰ দোষ যে তিনিটাকৈ সন্তানসহ পত্নীক এৰি থৈ যোৱা গজেন ৰাজখোৱাৰ আদ্যশ্ৰাদ্ধলৈ আহি পৰিয়ালটোক সমাজেখনে উদ্ধাৰ কৰাৰ কথা ভাৱিব নোৱাৰিলে ৷

এই দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ ছবি দেখিলে চকু সেমেকি উঠিব আপোনাৰো । এফালে বান আৰু এতিয়া পিতৃৰ অনুপস্থিতিত তিনিটাকৈ কণমানিয়ে অতি কষ্টেৰে জীৱন যাপন কৰিবলগীয়া হৈছে । গজেন ৰাজখোৱাৰ পিতৃ চন্দ্ৰ ৰাজখোৱাই সকলো কথা বিৱৰি কওতেই উচুপি উঠিল । বিপদত পৰিছে পৰিয়ালটি । বানৰ বাবে নিজৰ চোতালৰ বিপৰীতে ৰাস্তাতে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিছে যদিও নাই কোনো গাঁৱৰ ভকত ।

পুত্ৰৰ আদ্যশ্ৰাদ্ধৰ দিনাই চকুত চকুলো পিতৃ-মাতৃৰ । গাঁৱৰ ৰাইজক উদ্ধাৰৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাচতো আজি কোনো লোক উপস্থিত নহ’ল । প্ৰশ্ন হয়, এই একৈশ শতিকাতো চিন্তা-ধাৰা উন্নত নোহোৱা এনেকুৱা সমাজবোৰ দৰাচলতে আমাৰ বাবে বৰবিহস্বৰূপ নহয়নে ?

লগতে পঢ়ক : Flood in Majuli: বন্যাৰ্তক খাবলৈ পঁচা দালি চাউল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.