ETV Bharat / state

Youth Congress Foundation day: মাজুলীত অনুষ্ঠিত নহ’ল যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস - যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত

মাজুলী কংগ্ৰেছত যেন আঁতৰা নাই বিপৰ্যয়(Majuli district youth congress) । যুৱনেত্ৰী অংকিতা দত্তৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিল মাজুলীত ৷ যাৰ বাবে মাজুলীত পালন কৰা নহ’ল যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস ।

Youth Congress Foundation day
মাজুলীত অনুষ্ঠিত নহ’ল যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : Aug 10, 2022, 9:00 AM IST

মাজুলী, 10 আগষ্ট: মঙলবাৰে আছিল যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস(62nd Youth Congress Foundation day) ৷ কিন্তু যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন নহ’ল মাজুলীত । কাৰণ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তলৈ(Youth Congress President Angkita Dutta) প্ৰচণ্ড খং মাজুলী যুৱ কংগ্ৰেছীৰ । যাৰ বাবে যুৱনেত্ৰী অংকিতা দত্তৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বাতিল কৰিলে ৬২ তম যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস ।

মাজুলীত অনুষ্ঠিত নহ’ল যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

যুৱনেত্ৰী অংকিতা দত্তৰ অবিবেচক কাণ্ড আৰু একনায়কত্ববাদৰ বহিঃপ্ৰকাশ ঘটিল মাজুলীৰ ৰাজীৱ ভৱনত । এগৰাকী ৩৫ উৰ্ধৰ মহিলাক মাজুলী যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব দিয়াক লৈ ক্ষোভৰ উদগীৰণ মাজুলী যুৱ কংগ্ৰেছৰ মাজত । যাৰ বাবে মাজুলীত প্ৰতিষ্ঠা দিৱসৰ দিনাও নিমাওমাও পৰিবেশ মাজুলী ৰাজীৱ ভৱনত । প্ৰতিষ্ঠা দিৱস পালন কৰা বিপৰীতে পদত্যাগ কৰিবলৈ ওলাই আহিল অৰ্ধ শতাধিক মাজুলীৰ যুৱ-কংগ্ৰেছী ।

তেওঁলোকৰ অভিযোগ- অংকিতা দত্তই যুৱ কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ নতুনকৈ সভানেত্ৰীক নিযুক্তি দিছে । অৱশেষত জিলা কংগ্ৰেছৰে সৈতে বৈঠকত মিলিত হয় যুৱ কংগ্ৰেছ । অংকিতা দত্তই নিযুক্তি দিয়া দিপালী পাটিৰ নামৰ যুৱ কংগ্ৰেছী গৰাকীয়ে পদত্যাগ কৰাতহে পৰিৱেশ নিয়ন্ত্ৰণ লৈ আহে ।

লগতে পঢ়ক : Healthy Child Award : কোকৰাঝাৰত স্বাস্থ্যৱান শিশু বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.