ETV Bharat / state

হাত চাপৰিয়ে বাৰে বাৰে টোপনি ভাঙে বিধায়ক বিমল বৰাৰ

মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বিধায়ক বিমল বৰাৰ টোপনিয়ে বাৰুকৈয়ে আমোদ দিলে উপস্থিত ৰাইজক৷ মাজে মাজে ৰাইজৰ হাত চাপৰিত নিদ্ৰা ভংগ হয় যদিও পুনৰ টোপনিত লালকাল হয় বিধায়কগৰাকী ৷

মাজুলীত মুখ্যমন্ত্ৰীৰ দ্বিতীয় দিন
author img

By

Published : Mar 7, 2019, 3:21 PM IST

মাজুলী,7মাৰ্চঃ বিধানসভাত নিদ্ৰাত লালকাল হোৱা বিধায়কক আপুনি হয়তো বহুবাৰ দেখিছে পিচে এইবাৰ বিধানসভাৰ মজিয়া নহয়, খোদ মুখ্যমন্ত্ৰীৰ সভাতেই টোপনি মৰা দেখা গ’ল এজন বিধায়কক ৷

মাজুলীত মুখ্যমন্ত্ৰীৰ দ্বিতীয় দিন
মাজুলীত মুখ্যমন্ত্ৰীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত গুৰুত্বপূৰ্ণ ভাষণৰ মাজতে বিধায়ক বিমল বৰাৰ টোপনিয়ে বাৰুকৈয়ে আমোদ দিলে উপস্থিত ৰাইজক৷ মাজে মাজে ৰাইজৰ হাত চাপৰিত নিদ্ৰা ভংগ হয় যদিও পুনৰ টোপনিত লালকাল হয় বিধায়কগৰাকী ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে মাজুলী জিলাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আৰু দুশখন বিচনাযুক্ত মাজুলী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

মাজুলীৰ গড়মূৰ এশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ক দুশখন বিচনাযুক্ত জিলা চিকিৎসালয়লৈ উন্নীত কৰি বিশ কোটি টকা ব্যয় সাপেক্ষে ন ৰূপত সজাই তোলা হ’ব । লগতে মাজুলীৰ ১৯০গৰাকী আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰীৰ ১০ গৰাকীৰ মাজত এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

মাজুলীত মুখ্যমন্ত্ৰী ৰ দ্বিতীয় দিন ।  
 
২০ কোটি টকা ব্যয়েৰে মাজুলী গড়মূৰ অসাৰিক চিকিৎসা লয় ২০০ খন বিচনাযুক্ত জিলা চিকিৎসা লয়লৈ উন্নীত আধাৰশিলা।। 

মুখ্যমন্ত্ৰী ৰ সভাত বিধায়ক বিমল বৰাই মাৰিলে এঘুমতি ।

v.o--- মাজুলীত আজি মুখ্যমন্ত্ৰী ৰ দ্বিতীয় দিন । পুৱা ১১.৩০ বজাত মাজুলী কমলাবাৰী স্থিত মিলন সংঘত উপস্থিত হয় । কমলাবাৰীৰ মাজুলী মিলন সংঘত উপস্থিত হৈ মাজুলী জিলাস্তৰৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান আৰু ২০০খন বিচনাযুক্ত মাজুলী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মাজুলী গড়মূৰ ১০০ খন বিচনাযুক্ত অসাৰিক চিকিৎসা লয়ক ২০০ খন বিচনা যুক্ত জিলা চিকিৎসা লয়লৈ উন্নীত কৰিবৰ বাবে আজি আধাৰ শিলা স্থাপন কৰে। ২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হৱ এই জিলা পৰ্যায়ৰ চিকিৎসা লয় খন। ইয়াৰ পাছতে মাজুলীৰ ১৯০ গৰাকী আনন্দৰাম বৰুৱা প্ৰাপক ছাত্ৰ ছাত্ৰীৰ ১০ গৰাকীৰ মাজত এই বটা প্ৰদান কৰে। মাজুলীৰ উন্নয়নত বিজেপি চৰকাৰে লোৱা পদক্ষেপ আৰু ছাত্ৰ ছাত্ৰ শৈক্ষিক উত্তৰণৰ উপৰত এক গুৰুত্বপূৰ্ণ ভাষন মুখ্যমন্ত্ৰী জনে দি থকাৰ সময়ত দেখা গল বিধায়ক বিমল বৰাৰ টোপনি। মাজে মাজে ৰাইজৰ হাত চাপৰিত সাৰ পাই আকৌ টোপনি ।

বাইট : মুখ্যমন্ত্ৰী 

মাজুলীৰ পৰা যদুমনি শইকীয়া ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.