ETV Bharat / bharat

হেমন্ত ছোৰেণ বনাম হিমন্ত বিশ্ব শৰ্মা; অসমৰ পৰাও ঝাৰখণ্ডলৈ যাব প্ৰতিনিধি দল - HIMANTA VS HEMANTA

অসমৰ চাহ বাগিচা অঞ্চলৰ সমস্যাৰ বুজ ল'বলৈ ঝাৰখণ্ডৰ চৰকাৰে প্ৰেৰণ কৰিব দল । ইয়াৰ প্ৰত্যুত্তৰত অসম চৰকাৰেও ঝাৰখণ্ডলৈ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে সাজু ।

Assam CM
অসমৰ পৰাও ঝাৰখণ্ডলৈ যাব প্ৰতিনিধি দল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2024, 11:26 AM IST

ৰাঁচী : ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাকযুদ্ধই ইতিমধ্যে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে । এই দুয়োগৰাকী নেতাই ইণ্ডিয়া ব্লক আৰু এন ডি এ মিত্ৰজোঁটৰ হৈ সন্মুখৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ।

এতিয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচন সমাপ্ত হৈছে আৰু হেমন্ত ছোৰেণে নিৰ্বাচনত জয়ী হৈছে আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে । লগে লগে দুয়োগৰাকী নেতাৰ মাজত পুনৰ এই যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । অৱশ্যে এইবাৰ এই বাকযুদ্ধৰ কাৰণ হৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে লোৱা এক সিদ্ধান্ত ।

  • অসমলৈ ঝাৰখণ্ডৰ প্ৰতিনিধি দল

উল্লেখ্য যে ২৮ নৱেম্বৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে হেমন্ত ছোৰেণে কেবিনেট বৈঠকত কিছু সিদ্ধান্ত লৈছিল । এই সিদ্ধান্তৰ ভিতৰত অসমৰ চাহ বাগিচাত কাম কৰা ঝাৰখণ্ডৰ জনজাতীয় লোকসকলৰ সৈতে সম্পৰ্কিত সিদ্ধান্তও আছিল ।

মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে কৈছিল যে বহু বছৰ পূৰ্বে অসমৰ চাহ বাগিচাত বসতি স্থাপন কৰা ঝাৰখণ্ড মূলৰ জনজাতীয় লোকসকলৰ অৱস্থা জানিবলৈ এটা সৰ্বদলীয় প্ৰতিনিধি দল আৰু জ্যেষ্ঠ বিষয়াই অসম ভ্ৰমণ কৰিব । নিৰ্বাচনৰ সময়তো হেমন্ত ছোৰেণে এই বিষয়টো উত্থাপন কৰিছিল আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ এই সন্দৰ্ভত এখন পত্ৰও লিখিছিল ।

  • অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডলৈও প্ৰেৰণ কৰিব দল

অসমলৈ প্ৰতিনিধি দল প্ৰেৰণৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে । প্ৰতিক্ৰিয়াস্বৰূপে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে তেওঁ অসমৰ পৰাও দুটা দল ঝাৰখণ্ডলৈ প্ৰেৰণ কৰিব । অৱশ্যে, তেওঁ দলটোক ঝাৰখণ্ডলৈ কিয় পঠিয়াব সেই বিষয়ে একো উল্লেখ কৰা নাই ।

অসমত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কয় যে অসমলৈ ঝাৰখণ্ডৰ দল আহি আছে । দলটোক অসম চৰকাৰে স্বাগতম জনাইছে । তেওঁ লগতে কয় যে অসমৰ পৰাও দুটা দল ঝাৰখণ্ডলৈ যাব আৰু তাত কিছুমান বস্তু বিচাৰিব ।

অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত এই সন্দৰ্ভত আলোচনা কৰা হ'ব । অসমৰ পৰা যোৱা দলটোৱে তাত ২-৩ টা বস্তু চাব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :জানুৱাৰীত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচিত হ'ব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.