ETV Bharat / state

Youth arrested for supporting ULFA: সামাজিক মাধ্যমত আলফাক সমৰ্থন জনাই বিপদত লখিমপুৰৰ যুৱক

author img

By

Published : Jul 9, 2022, 4:29 PM IST

সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হ'ল লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত পূৱ ছাগলীকটাৰ নিৰঞ্জন দলে (Youth arrested for posting in support of ULFA on social media)। সদৰ থানাৰ আৰক্ষীয়ে শুক্ৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে যুৱকজনক । ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

lakhimpur
সামাজিক মাধ্যমত আলফাক সমৰ্থন জনাই বিপদত লখিমপুৰৰ যুৱক

লখিমপুৰ,৯ জুলাই : চলিত বছৰত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে নিষিদ্ধ সংগঠন আলফা(স্বা)ত যোগদান কৰাৰ খবৰ পোৱা গৈছে (Many youths from Assam joined ULFA I)। যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতো আলফা(স্বা)ত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ইজনৰ পাছত সিজনকৈ যুৱকে যোগদান কৰিছে । অৱশ্যে ইয়াৰ মাজতে একাংশ যুৱক-যুৱতীয়ে নিষিদ্ধ সংগঠনক সমৰ্থন জনাই বিপদত পৰিছে (Youth arrested for posting in support of ULFA) । যোগদান কৰিবলৈ যোৱাৰ পথত বহু যুৱক-যুৱতীক আটক কৰাও হৈছে ।

ইয়াৰ মাজতে সামাজিক মাধ্যমত চোকা দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে । এইবাৰ আলফা(স্বা)ক সামাজিক মাধ্যমত সমৰ্থন জনাই বিপদত পৰিল লখিমপুৰৰ এজন যুৱক (Youth arrested for posting in support of ULFA on social media)। সামাজিক মাধ্যমত আলফাৰ সমৰ্থনক পোষ্ট দি গ্ৰেপ্তাৰ হ'ল লখিমপুৰ সদৰ থানাৰ এলেকাৰ পূৱ ছাগলীকটাৰ নিৰঞ্জন দলে ।

নিৰঞ্জনে শেহতীয়াকৈ সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত এটা পোষ্ট দিছিল । পিছে আৰক্ষীৰ শেন চকু পৰিল নিৰঞ্জনৰ পোষ্টৰ ওপৰত । লগে লগে আলফা(স্বা)ক সমৰ্থন জনাই পোষ্ট দিয়াৰ অপৰাধত সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিৰঞ্জনক । ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক জেললৈ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে লখিমপুৰত কেইদিনমানৰ ভিতৰত এনে অপৰাধত ৭ জন লোকক আৰক্ষীেয়ে গ্ৰেপ্তাৰ কৰিছে । যাৰ বাবে জিলাখনত আৰক্ষীয়ে এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে । ইফালে এনেধৰণৰ কাৰ্যকলাপৰ পৰা আঁতৰি থাকি সৎ কামেৰে দেশ আৰু জাতিৰ সেৱাত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাইছে সদৰ থানাৰ আৰক্ষী বিষয়াই ।

লগতে পঢ়ক :চৰকাৰৰ স্ক্ৰেপজ নীতি: সংশয়ত ভুগিছে কাজিৰঙাৰ জীপ ছাফাৰী সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.