নাওবৈচা, ২ জুনঃ লখিমপুৰ নাওবৈচাৰ ৰঙানদী সমবায় সমিতিৰ অন্তৰ্গত গোসাঁনীবাৰী গাঁৱৰ সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে অভিযোগ উত্থাপন । লক ডাউনৰ সময়ত চৰকাৰে আগবঢ়োৱা বিনামূলীয়া চাউল আত্মসাৎ কৰাৰ অভিযোগ পোৱাৰাম বৰাৰ বিৰুদ্ধে । যাৰ বাবে মঙলবাৰে এজেণ্ট গৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে গাঁওখনৰে কেইবাগৰাকীও মহিলাই।

প্ৰতিবাদী মহিলাৰ অভিযোগ অনুসৰি, গোসাঁনীবাৰী গাঁৱৰ সুলভ মূল্যৰ দোকানৰ গৰাকী পোৱাৰাম বৰাই প্ৰতিমাহে হিতাধিকাৰীসকলৰ পৰিয়ালৰ জনসংখ্যা অনুপাতে চাউল যোগান নধৰি হিতাধিকাৰীসকলক প্ৰৱঞ্চনা কৰি অহাৰ উপৰিও কেৰাচিন যোগানৰ ক্ষেত্ৰতো নিৰ্ধাৰিত চৰকাৰী মূল্যতকৈ অধিক মূল্য আদায় কৰি আহিছে ।
চৰকাৰে ২০১৫ চনৰ ১০ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিখনৰ বলৱৎ কৰাৰ দিনৰে পৰা সুলভ মূল্যৰ এজেন্ট পোৱাৰাম বৰাই প্ৰতিগৰাকী হিতাধিকাৰীৰ নামত আবণ্টিত চাউল-কেৰাচিন আদি কাটি ৰাখি ক'লা বজাৰত বিক্ৰী কৰি আহিছে । এই সন্দৰ্ভত দৰিদ্ৰ হিতাধিকাৰী দিপালী শইকীয়াই কয় যে,তেওঁলোকৰ খাদ্য সুৰক্ষাৰ কাৰ্ডত চাৰিজনকৈ লোকৰ নাম সন্নিবিষ্ট হৈ আছে যদিও পৰিয়ালটোৱে মাত্ৰ দুজন সদস্যৰ নামতহে চাউল লাভ কৰিছে । এনেদৰে বহু কেইটা পৰিয়ালৰ লগত এজেণ্ট গৰকীয়ে দুৰ্নীতি কৰি আহিছে বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী মহিলা সকলে ।
আনহাতে, সুলভ মূল্যৰ দোকানী পোৱাৰাম বৰাই কেইবাগৰাকীৰ অস্তিত্বহীন হিতাধিকাৰীৰ নামটো কাৰ্ড প্ৰস্তুত কৰি খাদ্য সুৰক্ষাৰ চাউল আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপন কৰে । লগতে কেৰাচিন তেলৰ মূল্য বৰ্তমান প্ৰতি লিটাৰত ২০টকা ল'ব লাগে যদিও পোৱাৰাম বৰাই ৪০ৰ পৰা ৪৫ টকা লৈ আহিছে । ইপিনে স্থানীয় মহিলা সকলে সুলভ মূল্যৰ দোকানীগৰাকীৰ এই অনিয়মৰ বিৰুদ্ধে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগত অভিযোগ দিবলৈ যায় যদিও বৰ্তমানলৈকে এই এজেন্ট গৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে । ফলত গাঁৱৰ মহিলা সকলে মঙলবাৰে প্ৰতিবাদ কৰি এই দুৰ্নীতিগ্ৰস্থ পোৱাৰাম বৰাৰ সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰি বেলেগ লোকক দিবলৈ জিলা উপায়ুক্ত গৰাকীক আহ্বান জনায়।