ETV Bharat / state

বোৱাৰীৰ হত্যাৰ ন্যায় বিচাৰি লখিমপুৰ সদৰ থানা ঘেৰাও - Protest in Lakhimpur

লখিমপুৰ জিলাত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ লোকে দাবী কৰা মতে বোৱাৰীগৰাকীৰ ওপৰত স্বামীৰ পৰিয়ালে অকথ্য শাৰীৰিক নিৰ্যাতন চলাইছিল । ঘটনাৰ উচিত তদন্তৰ দাবীত জাগৃত নাৰী শক্তি সমাজে ঘেৰাও কৰিলে লখিমপুৰ সদৰ আৰক্ষী থানা (Women protest in Lakhimpur)। বোৱাৰীগৰাকীৰ স্বামীৰ লগতে তেওঁ পৰিয়ালৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী প্ৰতিবাদকাৰীৰ ।

Lakhimpur
বোৱাৰীৰ হত্যাৰ ন্যায় বিচাৰি লখিমপুৰ সদৰ থানা ঘেৰাও
author img

By

Published : Apr 7, 2022, 6:32 PM IST

লখিমপুৰ,৭ এপ্ৰিল : এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি লখিমপুৰ জিলাত তীব্ৰ উত্তেজনা । ন্যায় বিচাৰি একাংশ মহিলাই ঘেৰাও কৰিলে লখিমপুৰ সদৰ থানা (Protest in front of Lakhimpur Police station)। প্ৰতিবাদকাৰীৰ দাবী বোৱাৰীৰ গৰাকী মৃত্যু সাধাৰণ নহয় এয়া হত্যাকাণ্ড ।

উল্লেখ্য যে লখিমপুৰৰ বৰমূৰিয়া তিনি আলিৰ ক্ষিপ্ৰদীপ গগৈৰ লগত যোৱা ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল আহুচাউল গাঁৱৰ নৱনীতা শৰ্মা । কিন্তু বিয়াৰ পিছৰে পৰা নৱনীতাক স্বামী আৰু পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে ৰাইজে । ইয়াৰ মাজতে যোৱা মঙলবাৰে পুৱাই স্বামী গৃহত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল নৱনীতাৰ মৃতদেহ (Mysterious death of a lady in Lakhimpur )। লগে লগে নৱনীতাৰ পৰিয়াল আৰু গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ।

বোৱাৰীৰ হত্যাৰ ন্যায় বিচাৰি লখিমপুৰ সদৰ থানা ঘেৰাও

নৱনীতাৰ পৰিয়ালৰ লোকৰ সন্দেহ স্বামী পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰিছে নৱনীতাক । ইতিমধ্যে স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে নৱনীতাৰ পৰিয়ালে । কিন্তু এতিয়ালৈ নৱনীতাৰ স্বামী লগতে তেওঁৰ পৰিয়ালৰ এজনকো আৰক্ষীয়ে আটক কৰা নাই ।

যাৰ বাবে ক্ষোভিত হৈ পৰিছে নৱনীতাৰ পৰিয়াল আৰু একাংশ লোক । সেয়ে অতি শীঘ্ৰে অভিযুক্ত স্বামী আৰু তেওঁৰ পৰিয়ালক আটক কৰাৰ বাবে দাবী জনাই নৱনীতাৰ পৰিয়ালে । বৃহস্পতিবাৰে এই দাবীৰে থানাৰ সন্মুখত জাগৃত নাৰী শক্তি সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Women protest in Lakhimpur)। অৱশ্যে সোনকালেই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক :বিহুনামক বিকৃত কৰাৰ অভিযোগত ইছমাইল হোছেইনৰ বিৰুদ্ধে থানাত গোচৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.