ETV Bharat / state

এফালে নাটনি আনফালে এগৰাকীয়ে একে দিনাই পালে দুপালি

author img

By

Published : Jul 12, 2021, 5:52 PM IST

Updated : Jul 12, 2021, 6:12 PM IST

ৰাজ্যত জনসাধাৰণক ক’ভিডৰ প্ৰতিষেধক (Covid Vaccine) প্ৰদানৰ বাবে চৰকাৰে হাতত লৈছে মেগা ভেকচিনেশ্যন আঁচনি (Mega Vaccination camp) ৷ কিন্তু এই আঁচনিয়ে সৰ্বস্তৰৰ জনতাক স্পৰ্শ কৰিব পৰা নাই বৰ্তমানেও ৷ যাৰ বাবে ভেকচিন বিচাৰি ৰাইজৰ হেতা ওপৰা লগাও পৰিলক্ষিত হৈছে ৷ তাৰ মাজতে এগৰাকী মহিলাই একে দিনাই লাভ কৰিছে দুপালি ভেকচিন ৷

woman-received-covid-jab-twice-at-one-time-in-narayanpur
দুবাৰকৈ ভেকচিন প্ৰদান এগৰাকী মহিলাক

বিহপুৰীয়া ,12 জুলাই : এফালে ৰাজ্যত ভেকচিনৰ নাটনি আৰু আনফালে একে সময়তে এগৰাকী মহিলাক দুটাকৈ ভেকচিন প্ৰদান কৰা অবাঞ্চিত ঘটনা । প্ৰকৃততে কি কাৰণত এনেধৰণৰ ঘটনা সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই । ৰাজ্যত মহামাৰী ক'ভিড ভয়াৱহতা যিমানে বৃদ্ধি পাইছে, সিমানে ক’ভিড প্ৰতিষেধক ল’বলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰাইজে হেতা-ওপৰা কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু বহু অঞ্চলত ৰাইজ এতিয়াও বঞ্চিত হৈ আছে প্ৰতিষেধক লাভৰ পৰা ৷

ভয়াৱহ ক’ভিড পৰিস্থিতিৰ সময়ত সমগ্ৰ ৰাজ্যতে ভেকচিনৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ এই ভেকচিন প্ৰদানৰ কাৰ্য সূচাৰুৰূপে পালন হৈ আছে যদিও কোনো কোনো ঠাইত যথেষ্ট অনিয়ম সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ নাৰায়ণপুৰত স্বাস্থ্যকৰ্মীয়ে এগৰাকী মহিলাক এসময়তে দিলে দুবাৰকৈ ভেকচিন ৷ যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ নাৰায়ণপুৰত।

ৰাজ্যত পুনৰ একেসময়তে দুবাৰকৈ ভেকচিন প্ৰদান এগৰাকী মহিলাক

নাৰায়ণপুৰৰ ধলপুৰ ব্লকৰ অধীনত সোমবাৰৰ দিনটোত মুঠ 12 টাকৈ স্থানত অনুষ্ঠিত হৈছিল মেগা ভেকচিন প্ৰদান শিবিৰ । প্ৰতিটো শিবিৰত 250 গৰাকীকৈ লোকক কোভাক্সিন (COVAXINE) ৰ প্ৰথম আৰু দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছিল । তাৰ মাজতে নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰত ঘটিল এটা অঘটন ।

সুমতি বিশ্বাস নামৰ 52 বছৰীয়া এগৰাকী মহিলাক দুবাৰকৈ প্ৰদান কৰা হয় ভেকচিন ৷ মাতৃক এনেদৰে চকুৰ সন্মুখততে দুবাৰ একেসময়তে দুবাৰকৈ প্ৰতিষেধক দিয়াত আচৰিত হৈ পুত্ৰই স্বাস্থ্য কৰ্মী পাতলী ভূঞাক প্ৰশ্ন কৰাত কেন্দ্ৰটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । কিছুসময় পিছত মহিলাগৰাকীক নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও সামান্য কেইটামান টেবলেট দি মহিলাগৰাকীক ঘৰলৈ পঠিয়াই দিয়ে । বৰ্তমান মহিলাগৰাকী সুস্থ হৈ আছে যদিও আশংকাত ভুগিছে মহিলাগৰাকীৰ লগতে পৰিয়াল ।

ইয়াৰ পূৰ্বে বিশ্বনাথৰ বিহালীত এগৰাকী যুৱতীক একেদিনাই ২টাকৈ ক’ভিড ভেকচিন (Covid vaccine) প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাই সম্প্ৰতি সচেতন মহলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পাচতেই এই অনুৰূপ ঘটনা ঘটিছে নাৰায়ণপুৰত ৷ এতিয়া প্ৰশ্ন হয় এনেধৰনৰ ভুলৰ বাবে দোষী কোন ? প্ৰকৃততে উচিত তদন্ত হ’বনে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: 5 মিনিটত দুবাৰ ভেকচিন ল’লে এগৰাকী যুৱতীয়ে : ভুল কাৰ ?

Last Updated : Jul 12, 2021, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.