ETV Bharat / state

বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায় - নগাঁৱত মহিলা ড্ৰাগছ ব্যৱসায়ী

এটা প্ৰজন্মক শেষ কৰাৰ বাবে যেন বদ্ধপৰিকৰ হৈছে ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক ৷ আৰক্ষীৰ যুদ্ধসৃশ ড্ৰাগছ বিৰোধী অভিযান আৰু এনকাউণ্টাৰেও ৰোধিব পৰা নাই ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম (Illegal drugs peddling in Assam)৷ নানা কৌশলেৰে ভিন্নজন জড়িত হৈ পৰিছে ড্ৰাগৰ ব্যৱসায়ত, ড্ৰাগছৰ সৰবৰাহত ৷ ক’ৰবাত যদি ঋণ লৈ আৰম্ভ কৰিছে ড্ৰাগছৰ ব্যৱসায় আন কৰ’বাত আকৌ পিতৃ-মাতৃয়ে নিজৰ শিশু সন্তানকো জড়িত কৰাইছে ড্ৰাগছৰ ব্যৱসায়ত ৷ দুটাকৈ ঘটনাই পোহৰলৈ আনিছে ড্ৰাগছ ব্যৱসায়ৰ এখন ভয়ংকৰ ছবি ৷

Illegal drugs peddling in Assam
বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়
author img

By

Published : May 1, 2022, 10:13 PM IST

নগাঁও, 1 মে’: ৰাজ্যৰ আলিয়ে-গলিয়ে এতিয়া ৰঘুমলাৰ দৰে শিপাই পৰিছে ড্ৰাগছৰ ব্যৱসায় ৷ এটা প্ৰজন্মক শেষ কৰাৰ বাবে যেন বদ্ধপৰিকৰ হৈছে ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক ৷ আৰক্ষীৰ যুদ্ধসৃশ ড্ৰাগছ বিৰোধী অভিযান আৰু এনকাউণ্টাৰেও ৰোধিব পৰা নাই ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম ৷ নানা কৌশলেৰে ভিন্নজন জড়িত হৈ পৰিছে ড্ৰাগৰ ব্যৱসায়ত, ড্ৰাগছৰ সৰবৰাহত (Drugs peddling in Assam)৷ ক’ৰবাত যদি ঋণ লৈ আৰম্ভ কৰিছে ড্ৰাগছৰ ব্যৱসায় আন কৰ’বাত আকৌ পিতৃ-মাতৃয়ে নিজৰ শিশু সন্তানকো জড়িত কৰাইছে ড্ৰাগছৰ ব্যৱসায়ত (Child drugs peddler in Lakhimpur)৷ দুটাকৈ ঘটনাই পোহৰলৈ আনিছে ড্ৰাগছ ব্যৱসায়ৰ এখন ভয়ংকৰ ছবি ৷

বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়

বেংকৰ পৰা ঋণ লৈ নগাঁৱত মহিলাই আৰম্ভ কৰিছে ড্ৰাগছৰ ব্যৱসায় ৷ যেন ড্ৰাগছৰ জৰিয়তে বিচাৰি লৈছে স্বাৱলম্বীতাৰ পথ৷ বন্ধন গোটৰ পৰা 25 হাজাৰ টকাৰ ঋণ লৈ নগাঁৱৰ হাজেৰা খাতুন নামৰ এগৰাকী মহিলাই আৰম্ভ কৰিবলৈ বিচাৰিছিল ড্ৰাগছৰ ব্যৱসায় ৷ পিছে ব্যৱসায়ৰ প্ৰথম দিনটোতেই ৰাইজে আটক কৰিলে মহিলাগৰাকীক৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহায়ক(Microfinance loan waiver) লৈ ৰাজ্যৰ সৰ্বত্ৰে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে মহিলাগৰাকীয়ে বন্ধনৰ ঋণ লৈ ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰাক লৈ স্বাভাৱিকতেই সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

ধন ঘটাৰ এই আজৱ ফৰ্মূলাই চকু কঁপালত তুলিছে সকলোৰে । মহিলা ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক (Woman drugs peddler arrested in Nagaon)। মহিলাগৰাকীৰ পৰা উদ্ধাৰ হ'ল ১৫ টাকৈ হেৰ'ইন ভৰ্তি কণ্টেইনাৰ আৰু নগদ ২ হাজাৰ টকা । হাজেৰা খাতুনৰ আন দুই সহযোগী মহিলাই পলায়ন কৰে ।

আনহাতে লখিমপুৰতো পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা ৷ পিতৃ-মাতৃয়ে তৃতীয় শ্ৰেণীত অধ্যয়নৰত নিজ সন্তানকো জড়িত কৰোৱালে ড্ৰাগছৰ ব্যৱসায়ত ৷ বিদ্যালয়ৰ পোচাকতে কণমানি ছাত্ৰজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে ড্ৰাগছভৰ্তি বহুকেইটা কন্টেইনাৰ ৷ এই ঘটনায়ো চিন্তিত কৰি তুলিছে সচেতন সমাজ আৰু আৰক্ষীক ৷

ৰাজ্যত আৰক্ষী-প্ৰশাসনে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান চলাই থকাৰ মাজতে এনেবোৰ ঘটনাই স্বাভাৱিকতেই এক অন্ধকাৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ৷ ভয়ংকৰ ড্ৰাগছকো সাধাৰণ সামগ্ৰীৰ দৰে গ্ৰহণ কৰি নিব্বিঘ্নে ব্যৱসায় চলাই নিয়া কাৰ্য কেতিয়া ৰোধ হ’ব তালৈ সকলোৱে অপেক্ষা কৰিছে ৷

লগতে পঢ়ক: Anti Drugs Mission in Lakhimpur: তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ জেপত ওলাইছে ড্ৰাগছৰ কন্টেইনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.