ETV Bharat / state

পত্নী নিৰ্যাতনকাৰীক আৰক্ষীক গতালে ৰাইজে - লখিমপুৰ

লখিমপুৰৰ চিয়াজুলিত পত্নী নিৰ্যাতনকাৰীক আৰক্ষীক গতালে ৰাইজে ৷ দীৰ্ঘদিনৰ পৰা পত্নীক অকথ্য নিৰ্যাতন চলাই আহিছিল হেম বাহাদুৰ ৰায় নামৰ এজন ব্যক্তিয়ে ৷

Wife molestation husband caught by police in Lakhimpur assam etv bharat news
পত্নী নিৰ্যাতনকাৰীক আৰক্ষীক গতালে ৰাইজে
author img

By

Published : Nov 2, 2020, 7:25 PM IST

Updated : Nov 4, 2020, 7:48 PM IST

লখিমপুৰ,2 নৱেম্বৰ : পত্নী নিৰ্যাতনকাৰীক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷ এনে ঘটনা সংঘটিত হৈছে লখিমপুৰৰ চিয়াজুলিত ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চিয়াজুলি পঞ্চায়তৰ দীৰ্ঘা মাজগাঁৱৰ হেম বাহাদুৰ ৰায় ওৰফে ভীম ৰায় নামৰ ব্যক্তিগৰাকীয়ে পত্নীক শাৰিৰীকভাৱে অত্যাচাৰ চলাই আহিছিল ৷ অৱশেষত গাঁওবাসীয়ে এই ব্যক্তিজনক গতাই দিয়ে স্থানীয় বগীনদী আৰক্ষীক ৷ ঘটনা সন্দৰ্ভত ব্যক্তিজনৰ বিৰুদ্ধে পত্নীৰ ফালৰ পৰা ৰুজু কৰা হৈছে এটি গোচৰ ৷ ইয়াৰ উপৰিও ব্যক্তিজনৰ নামত দুটাকৈ গোচৰ পঞ্জীয়ন হৈ আছে বগীনদী আৰক্ষী চকীত ৷

উল্লেখ্য যে, অত্যাচাৰৰ সকলো সীমা চেৰাই গৈ বৃহস্পতিবাৰে নিশা অভিযুক্ত ব্যক্তিজনে পত্নীক প্ৰাণে মৰাৰ চেষ্টাৰে চোকা অস্ত্ৰ ব্যৱহাৰ কৰাৰ লগতে শাৰিৰীকভাৱে প্ৰহাৰ কৰি আহত কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বগীনদী আৰক্ষীৰ পৰামৰ্শ অনুসৰি নিজাববীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰি মহিলাগৰাকীক মৃত্যুমুখৰ পৰা বচাবলৈ সক্ষম হৈছিল ৷ অৱশেষত সোমবাৰে নিৰ্যাতিতা মহিলাগৰাকীয়ে পিতৃ পৰিয়াল, গাঁওবাসী আৰু গাঁওবুঢ়াৰ উপস্থিতিত আয়োজন কৰে এক ৰাজহুৱা সভা ৷ এই সভাতে অভিযুক্ত হেম বাহাদুৰক কঠোৰ সকীয়নি প্ৰদান কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে ৷

লগতে চাওকঃ স্বাধীনতাৰ 73 বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও

Last Updated : Nov 4, 2020, 7:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.