ETV Bharat / state

বিহপুৰীয়াত অনুষ্ঠিত অসম ভিত্তিক ভাওনা সমাৰোহৰ সফল সামৰণি - মাধৱদেৱৰ এটি সৰ্বসন্মত প্ৰতিমূৰ্তি স্থাপন

শনিবাৰে সফল পৰিসমাপ্তি ঘটিল চাৰিদিনীয়া কাৰ্যসূচীৰে মাধৱদেৱৰ জন্মস্থানত উদযাপিত হোৱা অসম ভিত্তিক ভাওনা সমাৰোহৰ ৷ 27 জানুৱাৰীৰ পৰা বাৰেৰহণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই সমাৰোহ ৷

vauna-festival-end-at-bihpuria
বিহপুৰীয়াত অনুষ্ঠিত অসমভিত্তিক ভাওনা সমাৰোহৰ সফল সামৰণি
author img

By

Published : Jan 30, 2021, 10:49 PM IST

বিহপুৰীয়া,30 জানুৱাৰী: সফল পৰিসমাপ্তি ঘটিল চাৰিদিনীয়া কাৰ্যসূচীৰে 27 জানুৱাৰীৰ পৰা মাধৱদেৱৰ জন্মস্থানত উদযাপিত হোৱা অসমভিত্তিক ভাওনা সমাৰোহৰ ৷ চাৰিওটা দিনৰ বাৰেৰহণীয়া কাৰ্যসূচীত পৰিলক্ষিত হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সোঁত ৷ প্ৰত্যেক দিনতেই তিনিখনকৈ মুঠ 12 খন অংকীয়া ভাওনা প্ৰদৰ্শিত হ'ল গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত ৷ ভাওনাৰ সমান্তৰালকৈ গুৰুজনাৰ সৃষ্টিৰাজী আৰু বিশ্বদৰবাৰত মাধৱদেৱক প্ৰতিষ্ঠাৰ লক্ষ্যৰে কেইবাখনো আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ 27 জানুৱাৰীত প্ৰথমখন ভাওনাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আটাইকেইদিনৰ কাৰ্যসূচীত ৰাজ্যৰ প্ৰায় পোন্ধৰখন সত্ৰৰ সত্ৰাধিকাৰে অংশগ্ৰহণ কৰে ৷ 29 জানুৱাৰীত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ ৷ ''শ্ৰীমন্তশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ ভক্তি আৰু নৱবৈষ্ণৱ আন্দোলনলৈ বৰঙনি'' শীৰ্ষক বিষয়ৰ আলোচনাত অংশগ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক চন্দন কুমাৰ ছৌৱে, ত্ৰিভূৱন প্ৰসাদ, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড৹ দিব্যজ্যোতি মহন্ত, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড৹ দিবাকৰ চন্দ্ৰ ডেকা আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ মুৰব্বী সুদৰ্শন ঠাকুৰে ৷ উল্লেখ্য যে,প্ৰথমবাৰৰ বাবে মহাপুৰুষ মাধৱদেৱৰ এটি সৰ্বসন্মত প্ৰতিমূৰ্তি স্থাপনৰ বাবে আগবাঢ়িছে জন্মস্থান পৰিচালনা সমিতি ৷ ইয়াৰ বাবে ভাওনা সমাৰোহৰ প্ৰথমটো দিনৰে পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ সাতজনকৈ চিত্ৰশিল্পীয়ে দিনে নিশাই অংকণ কৰিছে গুৰুজনাৰ কাল্পনিক চিত্ৰ ৷ এই সাতখন ছবিৰ মাজৰ পৰা এখন ছবি নিৰ্বাচন কৰি গুৰুজনাৰ জন্মস্থানত প্ৰথমবাৰৰ বাবে স্থাপন কৰা হ'ব প্ৰতিমূৰ্তি ৷

বিহপুৰীয়াত অনুষ্ঠিত অসমভিত্তিক ভাওনা সমাৰোহৰ সফল সামৰণি

শনিবাৰে অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিৱেশ সজ্জা,গুৰুজনাৰ জন্মস্থানত নামাচাৰ্য বলোৰাম বৰগায়নৰ দ্বাৰা নাম প্ৰসংগৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মহাপুৰুষ মাধৱদেৱৰ প্ৰতিকৃতি শীৰ্ষক চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি 1 বজাৰ পৰা শিল্পী সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত হয় । উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অৰুণ কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখন শুভ উদ্বোধন কৰে তিতাবৰস্থিত কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোনাৰাম শৰ্মাই । শতাধিক ষাঠি উৰ্ধৰ শিল্পীক সম্বৰ্ধনা জনোৱা মুকলি সভাখনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীশ্ৰী বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমূল্য হাজৰিকা, শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সোনাৰাম কলিতা আৰু খেৰাজখাত মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ কল্পনা গোস্বামীয়ে । সভাৰ অন্তত উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে চাৰিওটা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত উদযাপন সমিতিৰ সমুহ বিষয়-বিষয়াৰ উপৰি সদস্য সকল আৰু ভকত-বৈষ্ণৱ সকলৰ প্ৰতি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে, শনিবাৰে সন্ধিয়া অন্তিম দিনৰ অংকীয়া ভাওনা অনুষ্ঠিত হয় । যোৰহাটৰ মঞ্জুলা কলাকেন্দ্ৰৰ শিল্পী সকলে পৰিবেশন কৰা প্ৰথমখন ভাওনা উদ্বোধন কৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই ৷ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় চৌহদৰ তৰফৰ পৰিৱেশন কৰা দ্বিতীয় খন অংকীয়া ভাওনা "পাৰিজাত হৰণ" আৰু দৰং জিলাৰ ছিপাঝাৰৰ পৰা অহা শিল্পী সকলে পৰিৱেশন কৰে "খুলীয়া ভাওনা" ৷

লগতে পঢ়কঃ লখিমপুৰত তিনিটা ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.