ETV Bharat / state

বুধবাৰৰ পৰা লেটেকুপুখুৰীত ভাওনা সমাৰোহ

author img

By

Published : Jan 26, 2021, 8:59 PM IST

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হ'ব ৰাজ্যিক ভিত্তিত অংকীয়া ভাওনা সমাৰোহ । মাজুলী, শিৱসাগৰ, গুৱাহাটীকে ধৰি ভিন্ন স্থানৰ নাট্যদলসমূহে অংশগ্ৰহণ কৰিবলগীয়া সমাৰোহৰ প্ৰতিনিশা তিনিখনকৈ অংকীয়া ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব এই ভাওনা সমাৰোহ ।

বুধবাৰৰ পৰা লেটেকুপুখুৰীত ভাওনা সমাৰোহ
বুধবাৰৰ পৰা লেটেকুপুখুৰীত ভাওনা সমাৰোহ

লখিমপুৰ , ২৬ জানুৱাৰী : মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হ'ব ৰাজ্যিক ভিত্তিত অংকীয়া ভাওনা সমাৰোহ । শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি,অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, গুৱাহাটীৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া সমাৰোহৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে মাধৱদেৱৰ জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীক সভাপতি , শ্ৰীশ্ৰী য়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামীক আৰু প্ৰাক্তন বিধায়ক কেশৰাম বৰাক কাৰ্যকৰী সভাপতি, বেনুকান্ত হাজৰিকা আৰু উপেন চন্দ্ৰ বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ কেইবাখনো উপ সমিতি সহ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে । সমিতিখনে মঙলবাৰে সংবাদমেলযোগে কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে সংবাদ মাধ্য়মক ।

বুধবাৰৰ পৰা লেটেকুপুখুৰীত ভাওনা সমাৰোহ

মাজুলী, শিৱসাগৰ, গুৱাহাটীকে ধৰি ভিন্ন স্থানৰ নাট্যদলসমূহে অংশগ্ৰহণ কৰিবলগীয়া সমাৰোহৰ প্ৰতিনিশা তিনিখনকৈ অংকীয়া ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা আয়োজন কৰা সন্ত সন্মিলনত বৰপেটা,বৰদোৱাকে ধৰি অসমৰ বহুকেইগৰাকী সত্ৰাধিকাৰৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় ধৰ্মগুৰুসকলে অংশগ্ৰহণ কৰিব আৰু উক্ত সন্মিলন খন শুভ উদ্বোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । পৰৱৰ্তী সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাওনা সমাৰোহ উদ্বোধন কৰিব ।

সমাৰোহৰ স্মৃতিগ্ৰন্থ "ৰঙ্গকেলি" উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে । কাৰ্যসূচী অনুসৰি দ্বিতীয় দিনা পুৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই । তৃতীয় দিনা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত ড° ডম্বৰুধৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত দিল্লী, নালন্দা বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও আন্তৰ্জাতিক খ্যাতিসম্পন্ন অধ্যাপকে অংশগ্ৰহণ কৰিব । ভাওনা কাৰ্যসূচীত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগতে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামী উপস্থিত থাকিব ।

আনহাতে ভাওনা সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা মহাপুৰুষ মাধৱদেৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আৰ্হি গ্ৰহণ কৰিবৰ বাবে ৰাজ্যিক ভিত্তিত ছাত্ৰ-ছাত্ৰী আৰু চিত্ৰশিল্পীৰ মাজত মাধৱদেৱৰ কল্পিত প্ৰতিচ্ছবি অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া ভাওনা প্ৰদৰ্শনৰ কাৰ্যসূচীত অভিনেতা যতীন বৰা আৰু কন্ঠশিল্পী বিদ্যাসাগৰে অংশগ্ৰহণ কৰিব । উক্ত কাৰ্যসূচীতে বৰনাৰায়ণপুৰৰ ১০০ গৰাকী ষাঠি উৰ্দ্ধৰ সাংস্কৃতিক কৰ্মীক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনোৱা হ'ব । ইতিমধ্যে ভাওনা সমাৰোহৰ চাৰিদিনীয়া কাৰ্যসূচীৰ প্ৰতিদিনে ১০ হেজাৰ ভকত-বৈষ্ণৱক আপ্যায়ন কৰাৰ সু-ব্যৱস্থা কৰা হৈছে বুলি উদযাপন সমিতিয়ে সংবাদমেল যোগে জানিবলৈ দিছে ।

সংবাদমেল খনত উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি অৰুণ কুমাৰ গোস্বামী প্ৰমুখ্যে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।

লগতে পঢ়ক :তিনিচুকীয়াত তিনিচুকীয়া জিলা প্ৰশাসনৰ সৌজন্যত ৭২ তম গণতন্ত্ৰ দিৱস

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.