লখিমপুৰ, 15 জুন: দ্বিতীয় দিনৰ বাবেও অপৰিৱৰ্তিত হৈ আছে লখিমপুৰৰ বান পৰিস্থিতি ৷ বৰং নতুনকৈ কিছু গাঁও বানৰ কবলত পৰিছে জিলাখনত ৷ বুধবাৰে শিঙৰা নৈয়ে মথাউৰি ছিঙি নাওবৈচা সমষ্টিত তাণ্ডৱ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আন নদী সমূহৰো জলস্তৰ বৃদ্ধি হোৱালৈ চাই জিলাখনত অচিৰেই বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ আশংকা কঢ়িয়াই আনিছে ৷
আজিও লখিমপুৰৰ বান পৰিস্থিতিৰ কোনো উন্নতি হোৱা পৰিলক্ষিত হোৱা নাই ৷ বছৰটোৰ প্ৰথমতো বানত শিঙৰা নৈৰ মথাউৰি ছিগি বোৱা প্ৰৱল সোঁতত নাওবৈছা ৰাজহচক্ৰৰ ন ন অঞ্চল প্লাৱিত হৈছে ৷ নাওবৈচা ৰাজহচক্ৰৰ অন্তগৰ্ত বালিটিকা, শলমৰীয়া, ৰাজআলি, কোঁৱৰপুৰ, বিষ্ণুপুৰ, শলমৰীয়াত আজিও হাহাকাৰ পৰিস্থিতি বন্যাৰ্তৰ ৷ পাহাৰীয়া উৎসৰ পৰা বৈ অহা নদীখনৰ পানীয়ে জনবসতিপূৰ্ণ অঞ্চল সমূহৰ লগতে পথাৰ সমূহো বুৰাই পেলাইছে ৷
বানাক্ৰান্ত ৰাইজে বৰ্তমান বিদ্যালয়, ওখ পথত আশ্ৰয় গ্ৰহণ কৰিছে ৷ বানপানীয়ে আজি পোটনদলনী, দৰঙীয়া, বালিজান, বৰচলা, চমাৱাকে ধৰি বহু ন ন গাওঁ প্লাৱিত কৰিছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানে বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷ ইতিমধ্যে জিলা প্ৰশাসনে বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি আছে ৷
লখিমপুৰৰ বিধায়ক মানৱ ডেকাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে বানাক্ৰান্তৰ সমস্যাৰ বুজ লোৱাৰ লগত নাওবৈচাৰ বিধায়ক ভৰত নৰহে বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি ৰাইজৰ সমস্যাৰ বুজ লৈছে ৷ সাংসদ প্ৰদান বৰুৱায়ো বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ তৎপৰতাৰে ব্যবস্থা গ্ৰহণ কৰিছে ৷ লক্ষ্যণীয় যে ধাৰাসাৰে হৈ থকা বৰষুণৰ বাবে বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ৷ জিলাখনৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে ৷
ঘন চৰাই এলেকাত সোৱণশিৰি নদীৰ জলপৃষ্ঠবিপদ সীমাৰ 12 মিলিমিটাৰ ওপৰেৰে বৈ আছে ৷ ব্ৰহ্মপুত্ৰৰ পানীয়ে জামুগুৰিত বিপদসীমা স্পৰ্শ কৰিবলৈ মাথো 15 মিলিমিটাৰ বাকী আছে ৷ তেনেদৰে জিলাখনৰ ৰঙানদী, ডিক্ৰং, বগীনদী, পাভ, দোৰপাং, পিছলা আদি নৈ সমূহৰ বিপদজনকভাৱে বাঢ়ি অহা জলপৃষ্ঠই বিপদ সীমাৰ ওচৰ চাপিছে ৷
জিলা প্ৰশাসনৰ তথ্য মতে বুধবাৰে সন্ধিয়া পৰ্যন্ত জিলা খনত 17 খন গাঁও বানৰ কবলত পৰিছে ৷ 20 হেজাৰ 768 জন ক্ষতিগ্ৰস্ত হৈছে বানৰ কবলত ৷ বানাক্ৰান্ত এলেকাৰ 4.50 হেক্টৰ শষ্য ক্ষেত্ৰ বিনষ্ট হৈছে ৷ অলেখ পশুধন হানি হৈছে ৷ জিলাখনৰ নাৰায়ণপুৰ, বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ, কদম আদি ৰাজহ চক্ৰত হোৱা বানৰ কবলত বহু পথ, বান্ধ, মথাউৰি,পুল, দলং আদিৰ ক্ষতি হৈছে ৷ বতৰৰ অৱস্থা অপৰিবৰ্তিত হৈ থাকিলে অচিৰেই জিলাখন জটিল বান সংকটত পৰাৰ আশংকাই দেখা দিছে ৷
লগতে পঢ়ক: Poor Irrigation system in Kaliabor:ছয় বছৰে বিকল কলং উত্তোলিত জলসিঞ্চন প্ৰকল্প