বিহপুৰীয়া,26 জানুৱাৰীঃ সমগ্ৰ ৰাষ্ট্ৰজুৰি 72 তম গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনৰ পতাকা উৰুৱা দেখা পোৱা গ’ল ৷ তাৰ সমান্তৰালভাৱে ধলপুৰত আলফাৰ পতাকা উৰুৱা দেখা গ’ল ৷ ধলপুৰৰ পেটুৱা গোসাঁনী থানত সংঘটিত এই ঘটনা ৷ স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ লগে লগে খবৰ দিয়ে আৰক্ষীক ৷ ইপিনে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নমাই নিয়ে নিষিদ্ধঘোষিত সংগঠনটোৰ পতাকাখন ৷
অৱশ্যে আলফাৰ পতাকা উৰুওৱা কাৰ্যত প্ৰকৃততে আলফা নে আন কোনো দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্য সংঘটিত কৰিলে এই পৰ্যন্ত পোহৰলৈ অহা নাই ৷ কিন্তু নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত গণৰাজ্য দিৱসৰ দিনাই বিদ্যালয় চৌহদত আলফাৰ পতাকা উৰুৱাত উজনি অসমত আলফাৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা বুলিও চৰ্চা হৈছে বিভিন্ন মহলত ।
লগতে পঢ়কঃ গোলাঘাটত উৰিল আলফাৰ পতাকা