ETV Bharat / state

নাওবৈচাত আটক দুই ড্ৰাগছ ব্যৱসায়ী: জব্দ 600 বটল নিষিদ্ধ ক'ফ চিৰাপ

নিষিদ্ধ ক'ফ চিৰাপ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱক দুজন কলাখোৱা গাঁৱৰ চিত্ৰৰঞ্জন মণ্ডল আৰু চন্দ্ৰ ভৌমিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

author img

By

Published : Jun 16, 2020, 8:36 PM IST

Updated : Jun 16, 2020, 9:46 PM IST

two drugs suppliers Arrested in Nowboicha
নাওবৈচাত আটক দুই ড্ৰাগছ ব্যৱসায়ী: জব্দ 600 বটল নিষিদ্ধ ক'ফ চিৰাপ

নাওবৈচা, 16 জুনঃ লখিমপুৰ জিলা নাওবৈচাৰ কলাখোৱা গাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ড্ৰাগছ ব্যৱসায়ীক । ধৃত দুই ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 600 বটল ক'ফ চিৰাপসহ এখন অট' ভান আৰু এখন মটৰচাইকেল ৷ নিষিদ্ধ ক'ফ চিৰাপ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱক দুজন কলাখোৱা গাঁৱৰ চিত্ৰৰঞ্জন মণ্ডল আৰু চন্দ্ৰ ভৌমিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

নাওবৈচাৰ কলাখোৱা গাঁৱৰ উক্ত যুৱক দুজনে অঞ্চলটোত দীৰ্ঘদিন ধৰি নিষিদ্ধ ক'ফ চিৰাপৰ ব্যৱসায় চলাই অহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে । তাৰ পাচতেই মঙলবাৰে গোপন সূত্ৰৰ পম খেদি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগুৰ নেতৃত্বত নাওবৈচা আৰু দ'লহাট আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই 600 বটল ক'ফ চিৰাপৰ বটলসহ যুৱক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰকক্ষীয়ে লগতে ক'ফ চিৰাপ সৰবৰাহ কৰা As-07-N-0911 নম্বৰৰ এখন অট' ভান আৰু এখন মটৰ চাইকেলো জব্দ কৰে ।

ইয়াৰ পূৰ্বেও জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা দুই-তিনিমাহৰ ভিতৰত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ ক'ফ চিৰাপ আৰু নিষিদ্ধ ব্যৱসায় লগত জড়িত 60 টা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । সম্প্ৰতি লখিমপুৰ জিলাখনৰ সংখ্যালঘু অধ্যুষিত একাংশ গাঁও নিষিদ্ধ ড্ৰাগছৰ মুকলি ঘাটিত পৰিণত হৈছে ৷ অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাৰ পৰা এই ক'ফ চিৰাপ আৰু ব্ৰাউন চুগাৰ সৰবৰাহ কৰি জিলাখনত ড্ৰাগছৰ মুকলি বেহা চলাই আছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ৷ ৰাইজে জিলাখনত চলি থকা ড্ৰাগছৰ বেহা উৎখাতৰ বাবে আহ্বান জনাইছে প্ৰশাসনক ৷

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ দেৱব্ৰত শইকীয়াৰ

Last Updated : Jun 16, 2020, 9:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.