লখিমপুৰ, 19 নৱেম্বৰ : লখিমপুৰত মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান ৷ অভিযানৰ পাচতে জাঁপিসজীয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ কাৰ্যালয়ৰ ভিতৰতে 50 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে বিষয়াৰ দলে আটক কৰে মুখ্য সহায়ক ৰোহিণী গগৈ আৰু গাণনিক অজিত সোণোৱালক ।
কাৰ্যালয়টোৰ কৰ্মচাৰী মৃত তুলাৰাম শইকীয়াৰ আৰ্জিত ছুটীৰ নামত পাব লগা দুই লক্ষাধিক টকা মোকলাই দিয়াৰ নামত এই ধৃত কৰ্মচাৰীদ্বয়ে দাবী কৰিছিল 50 হাজাৰ টকা । মৃত তুলাৰাম শইকীয়াৰ পুত্ৰ মাখন শইকীয়াই দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰি পৰিকল্পনা অনুসৰি মঙ্গলবাৰে আদায় দিয়ে 50 হাজাৰ টকা । এনে সময়তে বাহিৰত খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ এটা বৃহৎ দলে টকাসহ কাৰ্যালয়ৰ ভিতৰতে আটক কৰে ধৃত দুই বিষয়াক ৷