ETV Bharat / state

নাৰায়ণপুৰত বিষ্ণুৰাভাক সশ্ৰদ্ধ প্ৰণাম

author img

By

Published : Jun 20, 2021, 2:28 PM IST

আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক স্মৃতি দিৱস । ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে পূৰ্বৰ উচাহ-উদ্দীপনা নাই যদিও ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নাৰায়ণপুৰটো নাৰায়ণপুৰ শাখা সাহিত্য সভাই অনুষ্টুপীয়াকৈ আয়োজন কৰিছে কলাগুৰুৰ স্মৰণ অনুষ্ঠান ৷

tribute-to-kalaguru-bishnu-prasad-rabha-at-narayanpur
নাৰায়ণপুৰত বিষ্ণুৰাভাক সশ্ৰদ্ধ প্ৰণাম

বিহপুৰীয়া, 20 জুন : আজি কলাগুৰুজনাৰ মৃত্যু তিথি ৷ ১৯৬৯ চনৰ ২০ জুনত অসমৰ কলা সংস্কৃতিৰ মহীৰূহ, সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল ৷ সেয়েহে সমগ্ৰ অসমজুৰি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক স্মৃতি দিৱসত শিল্পীজনাক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনাইছে ৷ ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে পূৰ্বৰ উচাহ-উদ্দীপনা নাই যদিও ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্টুপীয়াকৈ হ'লেও আয়োজন কৰিছে কলাগুৰুৰ স্মৰণ অনুষ্ঠান ৷

ইয়াৰ সমান্তৰালকৈ নাৰায়ণপুৰটো নাৰায়ণপুৰ শাখা সাহিত্য সভাই কলাগুৰুগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰে ৷ নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ সমুখত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাৰ লগতে শাখা সাহিত্য সভাৰ সদস্যসকল উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানত বিধায়ক অমীয় কুমাৰ ভূঞাই অংশগ্ৰহণ কৰি নাৰায়ণপুৰত কলাগুৰুৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা ঘোষণা কৰে ৷

নাৰায়ণপুৰত বিষ্ণুৰাভাক সশ্ৰদ্ধ প্ৰণাম

উল্লেখ্য যে, কলাগুৰু জনাৰ কৰ্মস্থান সাংস্কৃতিক নগৰী তেজপুৰত এই মহান শিল্পী গৰাকীৰ শেষকৃত সম্পন্ন কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত তল কলিবাৰিত ৷ ক’ভিড -১৯ ৰ ৰেড জ’নৰ মাজতে তেজপুৰ কলিবাৰী ৰাভাৰ সমাধিস্থলীত চাকি জ্বলাই সমগ্ৰ ৰাজ্যৰ লগতে কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই পিতৃৰ মৃত্যু বাৰ্ষিকত তেওঁক সুঁৱৰিলে ৷

শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসেও পৃথিৰাজ ৰাভাৰ লগত কলাগুৰুৰ সমাধিস্থলীত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ লগতে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তেজপুৰৰ অন্যান্য লোক সকলে কলিবাৰীত কলাগুৰু সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনায় ।

লগতে পঢ়ক : অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি কি আক্ষেপ আছিল মিলখা সিঙৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.