ETV Bharat / state

নাৰায়ণপুৰত পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম - corruption

মন্ত্ৰী ড° হিমন্ত বিশ্বৰ শৰ্মাৰ গড়কাপ্তানি বিভাগটো এতিয়া ব্যাপক দুৰ্নীতি । এইবাৰ নাৰায়ণপুৰত দেখা গ'ল গড়কাপ্তানি বিভাগত চলা ব্যাপক আনিয়মৰ আন এক নমুনা । নাৰায়ণপুৰত নিৰ্মাণৰত অৱস্থাতে বখলা-বখলে এৰাইছে পথৰ ব্লেকটপিং । এই লৈ অসন্তুষ্ট স্থানীয় জনসাধাৰণ ।

নাৰায়ণপুৰত পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম
author img

By

Published : Jul 6, 2020, 5:24 PM IST

বিহপুৰীয়া,৬জুলাই: নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰপথাৰ চাৰিআলিৰ পৰা ভোলাবৰী সংযোগী গড়কাপ্তানি পথচোৱাৰ নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে এই অনিয়ম ৷ উল্লেখ্য যে, দুবছৰৰ পূৰ্বে প্ৰায় ৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা এচ অ' পি ডি'ৰ অধীনত নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই আধাৰশিলা স্থাপন কৰিছিল । ইতিমধ্যেই জৰাজীৰ্ণ হৈ পৰা পথছোৱাৰ আধাৰশিলা স্থাপনৰ দুবছৰৰ পিছত চাৰিদিন পূৰ্বেহে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ঠিকাদাৰে ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে, পথচোৱা নিৰ্মাণত নিয়োজিত ঠিকাদাৰ গৰাকীয়ে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পথটো ব্লেকট্ৰপিং কৰাৰ মাত্ৰ চাৰিদিন পিছতে বখলা-বখলে এৰাই যোৱাত এতিয়া স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ।

total irregularities of pwd road reconstruction at narayanpur
নাৰায়ণপুৰত পথ মেৰামতিৰ নামত ব্যাপক অনিয়ম

দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পথচোৱা নিৰ্মীয়মাণ অৱস্থাতে এনেদৰে এৰাই যোৱাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ অতি নিম্নমানদণ্ডৰ কামেৰে পথটো নিৰ্মাণ কৰাৰ ফলতে এনেদৰে বখলা-বখলে ব্লেকটপিং এৰাই গৈছে বুলি স্থানীয় ৰাইজে অভিয়োগ কৰিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ পথচোৱা ভালকৈ চাফা নকৰাকৈয়ে পথটোৰ নিৰ্মাণৰত অংশত ব্লেকটপিং কৰা হৈছিল ৷ যদিহে উন্নত মানদণ্ডৰে পথচোৱা পুনৰ নিৰ্মাণ নকৰে তেনেহ'লে আছু আৰু একত্ৰিত যুৱ পৰিষদে স্থানীয় ৰাইজৰ সহযোগত পথৰ বাকী অংশৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ হুংকাৰ দিলে স্থানীয় একাংশ লোকে ।

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কৈ থকা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে এনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে এতিয়া কেনে পদক্ষেপ গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.