ETV Bharat / state

ডেৰ মিনিটৰ ঘূৰ্ণী বতাহে তাণ্ডৱ চলালে লখিমপুৰত - কদম ৰাজহ চক্ৰৰ শিঙিদলনী

লখিমপুৰত ঘূৰ্ণী বতাহৰ তাণ্ডৱ ৷ উৰুৱাই নিলে কেইবাটাও ঘৰৰ টিনপাত ৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপ দেখি আতংকিত স্থানীয় ৰাইজ ৷

tornado-hits-lakhimpur-district-in-assam
লখিমপুৰত ঘূৰ্ণী বতাহৰ তাণ্ডৱ
author img

By

Published : May 26, 2022, 8:01 PM IST

লখিমপুৰ, 26 মে’: লখিমপুৰত বৃহস্পতিবাৰে বিয়লি ভাগত অহা এজাক ঘূৰ্ণী বতাহে তচনচ কৰে ঘৰ-দুৱাৰ। মাত্ৰ ডেৰ মিনিট মান সময় ধৰি চলা বিধ্বংসী ঘূৰ্ণী বতাহজাকৰ ফলত লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ শিঙিদলনীত বিস্তৰ ক্ষতি হয় বহুলোকৰ ৷ ঘূৰ্ণী বতাহজাকে গাঁওখনৰ 200 মিটাৰ মান এলেকাৰ বহু ঘৰৰ টিন পাত উৰুৱাই নিয়াৰ লগতে, গছ-গছনি ভাঙি একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰে (Tornado hits Lakhimpur district in Assam) ।

লখিমপুৰত ঘূৰ্ণী বতাহৰ তাণ্ডৱ

এই ঘূৰ্ণী বতাহজাকৰ ফলত কদম ৰাজহ চক্ৰৰ শিঙিদলনী প্ৰাথমিক বিদ্যালয়খনতো এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পাঠদান কাৰ্য চলি থকাৰ মাজতে বিধ্বংসী ঘূৰ্ণী বতাহজাকে বিদ্যালয়খনৰ টিন পাত উৰুৱাই লৈ যায় ৷ ঠিক সেইসময়তে শিক্ষক, ৰান্ধনি আৰু অংগনবাদী কৰ্মীসকলৰ সাৱধানতাৰ বাবেই কোনো দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ ছাত্ৰ-ছাত্ৰী সকল ৰক্ষা পৰে ।

অৱশ্যে এলেকাটোত ঘূৰ্ণী বতাহে তাণ্ডৱ চলাই বিস্তৰ ক্ষতি কৰিলেও কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে । এই ঘূৰ্ণীবতাহৰ ভয়াৱহ ৰূপ দেখি আতংকিত হৈ পৰে অঞ্চলবাসী ।

লগতে পঢ়ক : কুখ্যাত অপৰাধীৰ উচটনিতেই হৈছিল বটদ্ৰৱা থানা আক্ৰমণ : লীনা দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.