ETV Bharat / state

কালিলৈ অসম পাবহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

সোমবাৰে লখিমপুৰত উপস্থিত হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধী । লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী গৰাকী ।

author img

By

Published : Feb 28, 2021, 2:24 PM IST

কালিলৈ অসম পাবহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
কালিলৈ অসম পাবহি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

বিহপুৰীয়া,28 ফেব্ৰুৱাৰীঃ ৰাজ্যত এতিয়া বলিছে প্ৰাক নিৰ্বাচনীৰ গৰম বতাহ ৷ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজ্যৰ ৰাজনৈতিক দল তথা ৰাজনৈতিক নেতাসকলৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা ৷ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত সোমবাৰে লখিমপুৰত উপস্থিত হ'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধী । লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী গৰাকী ।

জিলা কংগ্ৰেছ কৰ্মী, মহিলা কৰ্মী আৰু যুৱ কৰ্মীৰ সৈতে মিলিত হৈ ভাৱ বিনিময়তো অংশ ল’ব প্ৰিয়ংকা গান্ধীয়ে । তাৰ পাছতে কংগ্ৰেছ নেত্ৰী গৰাকী উপস্থিত হ'ব মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত । মাধৱদেৱ থানত সেৱা জনাই ৰাওনা হ’ব ৰঙজানৰ মাধৱদেৱৰ জন্মস্থানলৈ । তাৰ পাছত দুয়োখন থানত সেৱা জনাই প্ৰিয়ংকা গান্ধী উপস্থিত হ’ব বিহপুৰীয়াত ।

নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ প্ৰিয়ংকা গান্ধী

তাৰ পাছত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীক উষ্ম আদৰণি জনাব বিহপুৰীয়াৰ ব্লক কংগ্ৰেছৰ ফালৰ পৰা । তাৰে পৰৱৰ্তী পৰ্যায়ত নাৰায়ণপুৰ, শিমলুগুৰিত আদৰণি জনোৱা হ'ব প্ৰিয়ংকা গান্ধীক ।

উল্লেখ্য যে, বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাজহুৱা সভাত অংশ নল’লেও প্ৰিয়ংকা গান্ধীৰ অসম আগমনৰ মূল লক্ষ্য কিন্তু আগন্তুক বিধান সভা নিৰ্বাচন । প্ৰিয়ংকা গান্ধীৰৰ আগমনক লৈ আশাবাদী বিহপুৰীয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন কুমাৰ বৰা । লগতে ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীক আদৰিবলৈ সাজু দুয়োখন থানৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মী ৷

লগতে পঢ়কঃ ৰাইজে ৰাম মন্দিৰ নিৰ্মাণত সহায় কৰিছে: কৰ্ণাটকৰ গৃহমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.