লখিমপুৰ, ৫ জুন : ‘‘অসমত এতিয়া কাৰ চৰকাৰ চলি আছে, বিজেপি নে আলফা(স্বা)ৰ ৷ বিভিন্ন চ’চিয়েল মেডিয়াত অসম যুৱক-যুৱতীয়ে আলফা(স্বা)ৰ সপক্ষে কোনো মন্তব্য কৰিলেই হিমন্ত শৰ্মা নেতৃত্বাধীন চৰকাৰে আটক কৰি কাৰাৰুদ্ধ কৰে ৷ তেনে সময়তে ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে আলফা(স্বা)ৰ ওচৰত আঠু লোৱাৰ পাচতো কিয় হিমন্ত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰা নাই’’ ৷ দেওবাৰে লখিমপুৰৰ বগলীজানত আয়োজন কৰা এক সভাত অংশ লৈ এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰিপুন বৰাই ৷
![Ripun bora criticize Assam BJP](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15481559_afniow.jpg)
লগতে তেওঁ কয় যে, বিজেপি চৰকাৰ আচল চৰকাৰ নহয় ৷ এইখন কেৱল ভেজাল শ্ল’গান দি থকা চৰকাৰহে ৷ সবকা সাথ, সবকা বিকাশৰ কথা কোৱা চৰকাৰৰ দিনত কেৱল আদানি-আম্বানীৰহে বিকাশ হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে (Ripun bora criticize Assam BJP) ৷
লগতে পঢ়ক : ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই : মামুন ইমদাদুল হক চৌধুৰী
আনহাতে, লখিমপুৰৰ বগলীজানত আয়োজন কৰা এক সভাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত প্ৰসূতিৰ মৃত্যু (Pregnant woman death in Lakhimpur medical college) হোৱা ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
উল্লেখ্য যে, দেওবাৰে বিয়লি লখিমপুৰৰ বগলীজানৰ আদৰ্শ জাতীয় বিদ্যালয়ত আয়োজন কৰা হয় তৃণমূল কংগ্ৰেছৰ এখন বিশেষ সভা ৷ এই সভাতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত দলটোত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ কেৱল লখিমপুৰৰ বগলীজানেই নহয়, অসমৰ ভিন্ন প্ৰান্তটো দলটোত সদস্য ভৰ্তিৰে শক্তিশালী কৰাৰ চেষ্টা কৰিব বুলি কয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে (TMC joining programme held in Lakhimpur) ৷
লগতে পঢ়ক : Assam PPE Kit controversy: পিপিই কিট বিতৰ্কৰ সন্দৰ্ভত সদন কমিটি গঠনৰ পোষকতা