লখিমপুৰ, ১০ আগষ্ট : মূল্যবৃদ্ধিয়ে দহিছে সমগ্র ৰাজ্য ৷ প্ৰতিনিয়ত বিভিন্ন দল-সংগঠনে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰ তথা যোগান বিভাগক দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব দিয়া নাই এই বিষয়ত ৷ যাৰ বাবে ক্ৰমাৎ বৃদ্ধি বাঢ়িছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম তৃণমূল কংগ্রেছে ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত তৃণমূল কংগ্রেছৰ প্ৰতিবাদ ৷ সকলো সামগ্রীৰ মূল্য বৃদ্ধিয়ে চৰম যাতনা ভোগাইছে সৰ্বসাধাৰণ ৰাইজক ৷ মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত ত্ৰাহিমধুসোদন সুঁৱৰিছে ৰাইজে ৷ মূল্য বৃদ্ধিৰ কেকোঁৰা চেপাৰ পৰা পৰিত্ৰাণ দিবলৈ নিতৌ ৰাইজ তথা বিভিন্ন দল-সংগঠনে চৰকাৰক দাবী জনাইছে ৷ নিতৌ এই দাবীত বিভিন্ন দল-সংগঠন তথা ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ যোগান মন্ত্রীৰ পদত্যাগৰো দাবী জনাই বিভিন্ন সংগঠনে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
কিন্তু ইমানৰ পাছতো চৰকাৰ অথবা যোগান বিভাগৰ গা লৰা নাই ৷ ফলত অব্যাহত আছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰে পুনৰ তৃণমূল কংগ্রেছে ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ অন্যান্য জিলাৰ দৰে লখিমপুৰতো তৃণমূল কংগ্রেছৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগৰৰ মাজেৰে সমদল কৰি আহি প্ৰতিবাদকাৰী সকলে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ৷
মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, ৰাইজ বিৰোধী চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ ধৰ্ণাৰ অন্তত তেওঁলোকে মূল্যবৃদ্ধি ৰোধৰ দাবীত জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত তৃণমূল কংগ্রেছৰ জিলা সভাপতি লেখন বুঢ়াগোহাঁইকে ধৰি জিলা তৃণমূল মহিলা সমিতিসহ ভালেমান কৰ্মীয়ে অংশগ্রহণ কৰে ৷
লগতে পঢ়ক : AJP protest at Dighalipukhuri: মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীঘলীপুখুৰী পাৰত জাতীয় মহিলা শক্তিৰ গৰ্জন