লখিমপুৰ, 20 জানুৱাৰীঃ সোমবাৰে লখিমপুৰৰ নাৰায়ণপুৰত টাই আহোম যুৱ পৰিষদৰ আহ্বানত অনুস্থিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সভা ৷ সভাত চৰকাৰ বিৰোধী ভাষণৰ উপৰিও বিপ্লবী গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে শিল্পী মহেন্দ্ৰ হাজৰিকাই । হাজৰিকাই সভাত কয় যে, "ৰাইজে ৰজা পতা সকলে এতিয়া পাহৰিলে ৰাইজক । প্ৰলোভনৰ ৰাজনীতিত জাতীয় নেতাৰ ভূমিকা এতিয়া পুতৌজনক।"
তাৰোপৰি প্ৰতিবাদী সভাত ইটোৰ পিছত সিটো বিপ্লৱী গীতেৰে ৰাইজক সম্বোধন কৰা মহেন্দ্ৰ হাজৰিকাই কলে কোনো কাৰণত বৰ্তমান ৰাজনীতিত যোগদান নকৰে, কাৰণ অসমৰ ৰাইজক মিছা কথা কব নোৱাৰে শিল্পী গৰাকীয়ে ।