ETV Bharat / state

Protest In Lakhimpur: তিনিটাকৈ মটক সংগঠনৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

author img

By

Published : Jul 3, 2023, 4:16 PM IST

সোমবাৰে তিনিটাকৈ মটক সংগঠনৰ প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট, ধৰ্ণাৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদী সংগঠন কেইটাই ।

Motok organisations
প্ৰতিবাদী কাৰ্যসূচী
প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰ, ৩ জুলাই : অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন দাবীত সোমবাৰে ৰাজ্যৰ সাতখন জিলা সদৰত তিনিটাকৈ মটক জনগোষ্ঠীৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লখিমপুৰতো উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট, ধৰ্ণাৰে ৰ্প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাৰ জিলা সমিতিয়ে ।

অসমৰ ভূমিপুত্ৰ হিচাবে খ্যাত মটক জনগোষ্ঠীক নেতৃত্বাধীন চৰকাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ পৰিপ্ৰেক্ষিততে সোমবাৰে ৰাজপথলৈ ওলাই আহিল জনগোষ্ঠীটোৰ ৰাইজ ৷ জনগোষ্ঠীটোৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে মুখ্যভাৱে দাবী জনাই অহা মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ পৰা চৰকাৰে বঞ্চিত কৰি অহাৰ বাবেই জনগোষ্ঠীটোৰ ৰাইজে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাা আৰু যুৱ ছাত্ৰ সন্মিলনৰে হোৱা আলোচনাত ছমাহৰ ভিতৰত মটক জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী নকৰাৰ বাবেই জনগোষ্ঠীটোৰ কেইবাটাও সংগঠন ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে একেলগে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল কৰি তোলে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ ৷

অসম চৰকাৰ মিছলীয়া, কেন্দ্ৰীয় চৰকাৰ মিছলীয়া, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ আদি শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে । মটক জনগোষ্ঠীক শীৰ্ঘে জনজাতিকৰণ, মটক স্বায়ত্ত শাসিত পৰিষদক পূৰ্ণাংগ ৰূপ দিয়া, জনগোষ্ঠীটোলৈ অধিক পুঁজি আৱণ্টন দিয়াৰ লগতে আন বহুকেইটা দাবী সামৰি কৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পাছত মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ যোগে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Ex-army prrotest: লখিমপুৰত প্ৰাক্তন সৈনিকৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.