- পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি লখিমপুৰত উত্তপ্ত পৰিস্থিতি(Tense situation in Lakhimpur)
- পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলিচালনা (Police opened fire to control situation)
- লখিমপুৰ বাইপাছ ৰঙাজান চাৰিআলিৰ সমীপত পুৱাই সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা
- পথ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছিল এজন বাইক আৰোহী
- নিহত যুৱকজন চাবতিৰ নুৰুল ইছলাম বুলি জানিব পৰা গৈছে (Road accident)
- বাইকেৰে আহি থকা অৱস্থাত একে দিশৰে অহা আন এখন বাহনে মহতিয়াই নিয়ে যুৱকজনক
- ফলত থিতাতেই মৃত্যু হয় নুৰুল ইছলামৰ
- ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৰিলে শূন্যলৈ গুলিচালনা
- পৰিস্থিতি নিয়ন্ত্ৰণৰ পাছতহে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে