বিহপুৰীয়া, ১১ নৱেম্বৰ : উজনি নামনি সকলোতে এতিয়া ৰাসৰ আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে (Raas festival in Assam)। বিভিন্ন জিলাত আকৌ পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস লীলা অনুষ্ঠিত হৈছে । য'ত ভাওনা প্ৰদৰ্শন কৰা হৈছে । ইফালে অসমীয়া চলচ্চিত্ৰ জগতৰো বহু শিল্পীয়ে ৰাস লীলাত অংশগ্ৰহণ কৰিছে । যাৰ বাবে বিভিন্ন স্থানত অভিনেতা-অভিনেত্ৰীৰ অভিনয় চাবলৈ ভিৰ কৰিছে ভক্ত তথা দৰ্শকসকলে ।
লখিমপুৰৰ নাৰায়ণপুৰতো এইবাৰ বিশেষ আকৰ্ষণ আছিল দীপলিনা ডেকা । দৈৱকীৰ চৰিত্ৰত অভিনয় কৰা দীপলিনাক চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছিল নাৰায়ণপুৰবাসী । কিন্তু দীপলিনাৰ অভিনয়ৰ মাজতে অথন্তৰ লাগিল ৰাসস্থলীত । আধাতে অভিনয় সামৰিবলগীয়া হ'ল জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকাই । একাংশ যুৱকে শিলগুটি নিক্ষেপ কৰাত হঠাৎ বন্ধ কৰি দিয়া ৰাসলীলাৰ কাৰ্যসূচী ।
এই ঘটনা নাৰায়ণপুৰৰ টেঙাপথাৰৰ । দক্ষিণ পূৱ নাৰায়ণপুৰ সন্মিলিত শিল্পী সংঘৰ উদ্যোগত টেঙাপথাৰত বৃহস্পতিবাৰে নিশাৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা (Raas Leela in Narayanpur)। উক্ত ৰাসলীলাত প্ৰথম দিনটোত দীপালিনা ডেকাই অভিনয় কৰিছিল দৈৱকীৰ চৰিত্ৰত (Deeplina Deka performs in Raas Leela) ৷
দীপলিনাৰ অভিনয় চাবলৈ প্ৰেক্ষাগৃহৰ ভিতৰে বাহিৰে অত্যাধিক দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছিল । দৰ্শকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰেক্ষাগৃহৰ ভিতৰত উদযাপন সমিতিয়ে পৰ্যাপ্ত আসনৰ ব্যৱস্থা কৰিছিল । কিন্তু তাৰ পাছতো টিকট পোৱা নাছিল বহু লোকে । টিকট বিচাৰি প্ৰেক্ষাগৃহৰ বাহিৰত যথেষ্ট লোকে ভিৰ কৰা দেখা গৈছিল ।
অৱশেষত দীপলিনা ডেকাৰ অভিনয় চাবলৈ নোপোৱা একাংশ উদণ্ড যুৱকে প্ৰেক্ষাগৃহলৈ উদ্দেশ্যি শিলগুটি নিক্ষেপ কৰে । লগে লগে পৰিস্থিতি ভয়াৱহ হৈ পৰে ৷ চৌদিশে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । এনে পৰিস্থিতিত বন্ধ কৰি দিয়া হয় ৰাসলীলা ৷ দীপলিনাই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰি থকাৰ সময়তে এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation at Deeplina Dekas Rass program) ৷
ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লোকসকল সঠিক সময়ত উক্ত স্থানত উপস্থিত নথকাৰো অভিযোগ কৰিছে ৰাইজে । আয়োজকসকলে জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ পাছতো নাৰায়ণপুৰ আৰক্ষীয়ে ৰাসস্থলীত উপস্থিত নথকাৰ অভিযোগ কৰিছে উদযাপন সমিতিয়ে ৷ পৰিস্থিতি অধিক জটিল হোৱাৰ সময়ত নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়াৰ পাছতো সময়ত উপস্থিত নহ'ল নাৰায়ণপুৰ থানাৰ আৰক্ষী ৷ ইফালে এই ঘটনাত কোনো কোনো লোক সামান্য আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে পৰিস্থিতি সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নিদিলে অভিনেত্ৰী দীপলিনা ডেকাই ।
লগতে পঢ়ক :Local Holiday for Raas Mahotsav: ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত স্থানীয় বন্ধ ঘোষণা