বিহপুৰীয়া, 21 মে': বিহপুৰীয়াত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা ৷ বৃহস্পতিবাৰে এগৰাকী 14 বছৰীয়া কিশোৰীয়ে নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ ঘটনা অনুসৰি, বুধবাৰে দংগীবিল বাংগ গাঁৱৰ মফিদুল আলি নামৰ যুৱকে ঘৰৰ ওচৰৰে এগৰাকী কিশোৰীক ধৰ্ষণ কৰা স্থানীয় লোকে প্ৰত্যক্ষ কৰাত কিশোৰী গৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিয়ে ৷
সম্প্ৰতি কৰ'ণা মহামাৰীৰৰ বাবে ৰাজ্যত সান্ধ্য আইন বলৱৎ হৈ থকাত আৰক্ষীৰ কাষ চাপিব নোৱাৰা পৰিয়ালটোৱে গাওঁৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীক জনোৱাৰ লগতে ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু আশ্বাৰ্যজনকভাৱে কিশোৰী গৰাকীয়ে বৃহস্পতিবাৰে নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰে ৷
স্থানীয় লোকৰ দাবী কিশোৰী গৰাকীয়ে আত্মসন্মান হেৰুওৱা আৰু মুখ লজ্জা ঢাকিবৰ বাবে এই চৰম সিদ্ধান্ত বাছি লয় ৷ ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে অভিযুক্ত মফিদুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ লগতে কিশোৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে, কিশোৰী গৰাকীৰ পৰিয়ালে পূৰ্বেও মফিদুল এনেধৰণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৷ ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে ৷
ইফালে, অভিযুক্ত মফিদুল আলিয়ে একপক্ষীয় প্ৰেমৰ বাবে কিশোৰী গৰাকীৰ লগত এনে জঘণ্য কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক: বৰপেটাৰোডত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উচ্ছেদ