লখিমপুৰ, ৫ ছেপ্টেম্বৰ: আজি পবিত্র শিক্ষক দিৱস । ৰাজ্যজুৰি বিদ্যায়তনিক অনুষ্ঠান সমুহত উদযাপন কৰা হয় এই দিৱস । শিক্ষাগুৰুক শ্ৰদ্ধা জ্ঞাপনৰ উপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমেৰে শিক্ষক দিৱস উদযাপন কৰা হয় । শিষ্যৰ সন্মান লাভ কৰি আপ্লুত হৈছে শিক্ষক সমাজ । পিছে ইয়াৰ বিপৰীতে একাংশ শিক্ষকে আজিৰ দিনটোতে প্ৰতিবাদ সাব্যস্ত কৰিছে ।
শিক্ষক দিৱস দিনাই ক’লা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ লখিমপুৰত (Teachers protest at Pahumara in Lakhimpur)। ৰাজ্য চৰকাৰে একাংশ শিক্ষকক শিক্ষকৰ সলনি টিউটৰ হিচাপে অভিহিত কৰাৰ বাবে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে । লখিমপুৰৰ পহুমৰাত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ টিউটৰ শিক্ষকসকলে ।
প্ৰতিবাদকাৰী সকলে অসম চৰকাৰে শিক্ষক সমাজক বঞ্চনা কৰি ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইন প্ৰত্যাহাৰ কৰাৰ দাবীৰ লগতে ২০-২৫ বছৰ ধৰি শিক্ষাদান কৰি অহা শিক্ষক সকলৰ ওপৰত আৰোপ কৰা টিউটৰ শব্দটো উঠাই লোৱা আৰু শিক্ষকৰ পূৰ্ণ মৰ্যদা দিয়াৰ দাবী জনায় । শিক্ষকসকলক টিউটৰ উপাধি যে অসন্মান কৰা সেই বিষয়টোও প্ৰতিবাদকাৰীসকলে চৰকাৰৰ দৃষ্টি গোচৰ কৰে । সম কামৰ, সমমৰ্যাদা আৰু সম দৰমহা প্ৰদান কৰা দাবীত টিউটৰ শিক্ষকসকলে এইদৰে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ।
ইপিনে,পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্রতিচ্ছবি আগত লৈ প্ৰতিবাদত বহিল ৰাজ্যৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰী । গুৱাহাটী মহানগৰীৰ চচলৰ ধর্ণাস্থলীত সদৌ অসম প্ৰদেশীকৃত শিক্ষক আৰু কৰ্মচাৰী যৌথ মঞ্চৰ উদ্য়োগত সোমবাৰে পুৱা ১০ বজাৰ পৰা ৫ ঘন্টীয়া প্ৰতীকী অনশন কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষকসকলে । উক্ত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ন্য়ায্য় প্ৰাপ্তিৰ পৰা বঞ্চিত প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়ে । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ক্ষুব্ধ শিক্ষকসকলে তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।
এই প্ৰতীকী অনশনত অংশ গ্ৰহণ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক শিক্ষয়ত্ৰী সকলেটিউটৰ হিচাপে কৰ্মৰত হৈ থকা সকলক শিক্ষকলৈ উন্নীতকৰণ কৰা, Baseস্কুলৰ সমস্যা সমাধানৰ কৰা,বিদ্যালয় প্ৰাদেশিকীকৰণৰ সমস্যা সমাধান আৰু Nonteaching employeesৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায়।
লগতে পঢ়ক:ধুবুৰী ফুলবাৰী দলঙৰ নির্মাণকাৰ্যৰ বুজ ল'লে সাংসদ বদৰুদ্দিন আজমলে