ETV Bharat / state

লকডাউনৰ সুবিধা লৈ 10 টকাৰ ঠাইত 50 টকালৈ ভাড়া বৃদ্ধি অট’চালকৰ

মহামাৰী কৰ'ণাৰ বাবে সমগ্ৰ অসমতেই আংশিক লকডাউন জাৰি কৰাত জুৰুলা হৈ পৰিছে খাটি-খোৱা মানুহৰ জীৱন পৰিক্ৰমা ৷ ইয়াৰ মাজতেই দহ টকা ভাড়াৰ ঠাইত যাত্ৰীসকলৰ পৰা জোৰজুলুম কৈ 50 টকাকৈ ভাড়া লোৱাৰ গুৰুতৰ অভিযোগ অট’চালকৰ বিৰুদ্ধে ৷

auto-driver-takes-advantage-of-lockdown-to-fare-rs-50-instead-of-rs-10
লকডাউনৰ সুযোগ লৈ 10 টকাৰ ঠাইত 50 টকা ভাড়া লৈছে অট’ চালকে
author img

By

Published : Aug 9, 2021, 2:32 PM IST

নাওবৈচা, 9 আগষ্ট : ৰাজ্যত এতিয়াও বৃদ্ধি পাই আছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই ভয়াৱহ পৰিস্থিতিৰ বাবেই ৰাজ্যৰ ভিন্ন প্ৰান্তত লকডাউন তথা কঠোৰ নীতি নিয়ম আৰু সান্ধ্য আইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ এই লকডাউনৰ সময়ছোৱাত জুৰুলা হৈ পৰিছে খাটি-খোৱা মানুহৰ জীৱন পৰিক্ৰমা ৷ লকডাউনৰ ফলত বিভিন্ন সময়ত অট'ৰিক্সা আদিৰ চালকসমূহে বিভিন্ন লোকচানৰ সন্মূখীন হৈছে ৷

উল্লেখযোগ্য যে, বৰ্তমান কিছু পৰিমানে লকডাউন শিথিল হোৱাৰ পাচতেই এই চালকসকলে প্ৰয়োজনতকৈ বেছি ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ নাওবৈচাত 10 টকা ভাড়াৰ ঠাইত যাত্ৰীসকলৰ পৰা জোৰজুলুম কৈ 50 টকাকৈ ভাড়া লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে অট'চালকৰ বিৰুদ্ধে ৷ ৰাজ্যত কৰ'ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৰ্তমানেও বহু অঞ্চলত আংশিক লকডাউন জাৰি ৰাখিছে ৷

10 টকাৰ ঠাইত 50 টকা ভাড়া লৈছে অট’ চালকে

এই আংশিক লকডাউনে সাধাৰণ জনতাক আৰ্থিকভাৱে জুৰুলা কৰাৰ ফলস্বৰূপে দিন হাজিৰা কৰা লোকসকলে অভাৱত নিজৰ পৰিয়ালৰ সৈতে এসাঁজ ভালকৈ খাব নোৱাৰা হৈছে। ঠিক তেনে সময়তেই লকডাউনৰ সুবিধা লৈ নাওবৈচাৰ এচাম অট’ চালকে অভাৱে জুৰুলা কৰা লোকৰ পৰা 10 টকাৰ ঠাইত 50 টকাকৈ ভাড়া আদায় লোৱাৰ গুৰুতৰ অভিযোগ উৎত্থাপিত হৈছে । যাৰ বাবে ভুক্তভোগী যাত্ৰীসকলৰ উপৰিও সাধাৰণ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে লখিমপুৰ জিলা প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰি অট’চালকৰ ভাড়া নিৰ্ধাৰিত কৰি দিবলৈ কাতৰ আহ্বান জনায়।

লগতে পঢ়ক:বহিঃৰাজ্যৰ চাহে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ চাহখণ্ডলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.