লখিমপুৰ,১৩ মাৰ্চ : সাম্প্রতিক সময়ত বিশ্বৰ চৌদিশে বাজিব ধৰিছে কেৱল যুদ্ধৰ দামামা । সীমান্ত সুৰক্ষিত কৰি শত্রুৰ পৰা দেশক বচাবলৈ প্ৰতিখন দেশেই তৎপৰতা অৱলম্বন কৰিছে । ভাৰত-চীন সীমান্ততো বিশেষ তৎপৰতা গ্ৰহণ কৰি আহিছে ভাৰত চৰকাৰে । ইয়াৰ মাজতে চীনৰ আক্ৰোশৰ পৰা অৰুণাচলক সুৰক্ষা দিবলৈ সাজু হৈছে ৪৮৫ গৰাকী জোৱান ।
নিৰ্দিষ্ট প্ৰশিক্ষণ সমাপ্ত কৰি সীমান্ত অঞ্চললৈ ৰাওনা হৈছে ইণ্ডো-তিব্বত সীমা পুলিচ (Indo Tibetan Border Police) ফ'র্চৰ জোৱানসকল । অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ লখিমপুৰ জিলাৰ কিমিনস্থিত ইণ্ডো তিব্বত সীমা পুলিচ ফ'র্চৰ চাউনি তথা প্ৰশিক্ষণ কেন্দ্ৰত শনিবাৰে জোৱানৰ দীক্ষান্ত তথা শপত গ্ৰহণ সমাৰোহৰ (Swearing in ceremony at ITBP camp in Lakhimpur) পাছতে জোৱানসকল ৰাওনা হয় সীমান্ত অভিমূখে । প্ৰায় ১ বছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰিছে ITBPৰ জোৱানসকলে ।
এতিয়াৰে পৰা ভাৰত-চীন সীমান্তৰ দুৰ্গম অঞ্চলত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত থাকিব সাহসী জোৱানসকল । কিমিনৰ ৪৭৫ জি ডি ৰিকুইটমেন্ট ট্ৰেইনিং চেন্টাৰৰ দ্বাৰা আয়োজিত এই দীক্ষান্ত সমাৰোহত সামৰিক কুজ-কাৱাজেৰে উচ্চ পদস্থ বিষয়াসকলক সন্মান জনায় প্ৰশিক্ষণ সমাপ্ত কৰা জোৱানসকলে । এই সমাৰোহতে জোৱানসকলে যুদ্ধৰ বিভিন্ন কৌশলো প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক :দীপৰ বিলৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে অসম চৰকাৰৰ পদক্ষেপ