লখিমপুৰ, 19চেপ্তেম্বৰঃ জনজাতিকৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই শনিবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
উল্লেখযোগ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি বিজেপিয়ে এতিয়া কোচ, মৰাণ আৰু মটকক স্বায়ত্তশাসন দি ছয় জনগোষ্ঠীৰ মাজত বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ কৰে সংগঠনটোৱে । তদুপৰি চুতীয়াসকলক কৰা এই প্ৰৱঞ্চনাৰ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ কৰে সংগঠনটোৰ নেতৃত্বই ।
লগতে পঢ়কঃ ডুমডুমাত বিধায়ক দুৰ্গা ভূমিজ, সঞ্জয় কিষাণ আৰু সুৰেন ফুকনৰ প্ৰতিমূৰ্ত্তি দাহ