ETV Bharat / state

Suspected murder case: বিধবা মহিলাৰ বাসগৃহত পৰপুৰুষৰ মৃতদেহ

লখিমপুৰৰ বালিজানত সুৰাই প্ৰাণ কাঢ়িলে এজন লোকৰ ৷ সুৰাপান কৰি কাজিয়াত লিপ্ত হোৱাৰ পিচতে পুৱা ৰহস্যজনকভাৱে মৃত্যু হয় লোকজনৰ (Suspected murder case in Lakhimpur) ৷

Suspected murder case in Lakhimpur
বিধবা মহিলাৰ বাসগৃহত পৰপুৰুষৰ মৃতদেহ
author img

By

Published : Mar 25, 2023, 10:15 PM IST

বিধবা মহিলাৰ বাসগৃহত পৰপুৰুষৰ মৃতদেহ

লখিমপুৰ, ২৫ মাৰ্চ: বিগত দিনকেইটাত লখিমপুৰত ইটোৰ পিচত সিটোকৈ ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case in lakhimpur) ৷ এইবাৰ সুৰাপান কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন লোকে ৷ লখিমপুৰ জিলাৰ কদম বালিজানত এজন লোকৰ ৰহস্যজনক মৃত্যুৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে (Suspected death of man ) ৷

ঘটনা অনুসৰি বালিজানৰ বিধবা মহিলা টুটুমনি দত্তৰ বাসগৃহত দীৰ্ঘদিন ধৰি সুৰাৰ বেহা চলি আহিছে ৷ মহিলাগৰাকীয়ে সুৰাৰ বেহা কৰিয়েই জীৱন-যাপন কৰি আছিল ৷ শুকুৰবাৰে বিয়লি মহিলাগৰাকীৰ ঘৰত প্ৰতিদিনেই গ্ৰাহক আহিছিল (Suspected murder case in Lakhimpur) ৷ তেনেকুৱাতে বিয়লি প্ৰায় 2.30 বজাত চুবুৰীয়া ফটিক দত্ত নামৰ লোকজনক মহিলাগৰাকীয়ে জৰুৰীভাৱে ঘৰলৈ মাতি পঠিয়ায় ৷ মহিলাগৰাকীৰ ফোনটো পায়েই লোকজনো তেওঁৰ ঘৰলৈ গুচি আহে ৷ কিন্তু নিশা টুটুমনিৰ ঘৰত থকা দুজন লোকৰ সৈতে ফটিকৰ কাজিয়া হৈ মাৰপিট হয় ৷ এই মাৰপিটত গুৰুতৰভাৱে আহত হয় ফটিক ৷ আঘাতপ্ৰাপ্ত ফটিকে ওৰে নিশা মহিলাগৰাকীৰ ঘৰতেই থাকে ৷

পুৱা মহিলাগৰাকীৰ প্ৰতিবেশীয়ে ফটিকে উশাহ নিশাহ লৈ পৰি থকা প্ৰত্যক্ষ কৰা বুলি কয়। পিচে ইয়াৰ পৰৱৰ্তী সময়ত ফটিকে মৃত্যুৰ মুখত পৰে (Man suspected death in Lakhimpur)। এই খবৰ পোৱাৰ লগে লগে ফটিকৰ পত্নীয়ে মহিলাগৰাকীৰ ঘৰলৈ আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ফটিকৰ পত্নীয়ে টুটুমনি আৰু দুজন লোকে মিলি তেওঁৰ স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে । ইয়াৰ পিচতে প্ৰতিবেশী লোকসকলেও মহিলাগৰাকীৰ ঘৰলৈ গৈ হত্যাৰ কাৰণ সুধি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷

স্থানীয় লোকে এই ঘটনাৰ কথা বগীনদী আৰক্ষীক জনোৱাৰ পিচতে বগীনদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ফটিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ (Lakhimpur Medical College and hospital) প্ৰেৰণ কৰিছে ৷ ইফালে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে টুটুমনি দত্তক আটক কৰি সোধা পোছাৰ বাবে থানালৈ লৈ যায় (Accused woman detained) ৷

লগতে পঢ়ক: Fraud Doctor in Lakhimpur: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.