ETV Bharat / state

লখিমপুৰত যুৱকৰ আত্মহত্যা - টেঙাবস্তি গাঁও

শনিবাৰে লখিমপুৰত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা ৷ টেঙাবস্তি গাঁৱৰ বাসিন্দা ৰজিত গোৱালা নামৰ 36 বছৰীয়া যুৱকজনে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ ৷

Suicide in lakhimpur during diwali celebration assam etv bharat news
যুৱকৰ আত্মহত্যা
author img

By

Published : Nov 15, 2020, 5:31 PM IST

লখিমপুৰ,15 নৱেম্বৰ: দীপাৱলীৰ ধামখুমীয়াৰ মাজতে শনিবাৰে লখিমপুৰত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা ৷ জিলাখনৰ কদমৰ টেঙাবস্তি গাঁৱৰ বাসিন্দা ৰজিত গোৱালা নামৰ 36 বছৰীয়া যুৱকজনে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ ৷ যুৱকজনে পাৰিবাৰিক কন্দলৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ শনিবাৰে নিশা প্ৰায় 12 বজাত যুৱকগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি পত্নীয়ে ভাতৃ শংকৰ গোৱালাক খবৰ দিয়ে ৷ দিন-হাজিৰাৰে জীৱন নিৰ্বাহ কৰা যুৱকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷ পৰিয়ালৰ লোকৰ খবৰৰ ভিত্তিত দেওবাৰে পুৱা বগীনদী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে চাওকঃ নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.