ETV Bharat / state

Protest in Lakhimpur : লখিমপুৰত এছইউচিআইৰ প্ৰতিবাদী সমদল-ধৰ্ণা

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ এছইউচিআইৰ ৷ লখিমপুৰতো এছইউচিআইয়ে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি আহি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ৷

SUCI stages protest in Lakhimpur
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী এছইউচিআইৰ
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:43 PM IST

ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী এছইউচিআইৰ

লখিমপুৰ, 7 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এছইউচিআইয়ে ৷ ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো এছইউচিআইয়ে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি আহি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ৷

লখিমপুৰত এছইউচিআইৰ প্ৰতিবাদী সমদল-ধৰ্ণা ৷ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি চছিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া-চমুকৈ এছইউচিআইয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো এছইউচিআইয়ে নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি আহি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে ৷ মূল্যবৃদ্ধি ৰোধ কৰক, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ জবাৱ দিয়ক, অত্যাবশ্যকীয় সামগ্ৰীৰ পূৰ্ণাংগ ৰাষ্ট্ৰীয় বাণিজ্য প্ৰৱৰ্তন কৰক, স্মাৰ্ট মিটাৰ লগাই বিদ্যুতৰ মাচুল বৃদ্ধি কৰা নচলিব, বিদ্যুৎ খণ্ডক ব্যক্তিগত খণ্ড লৈ নিয়া নচলিব আদি শ্লোগান দি উত্তাল পৰিবেশ সৃষ্টি কৰে প্ৰতিবাদকাৰী সকলে ৷

ধৰ্ণাস্থলীত সংগঠনটোৰ নেতৃত্বই কয় যে, সমগ্ৰ ৰাজ্যখন আজি এক ভয়াৱহ সংকটৰ সন্মুখীন ৷ জনজীৱনৰ অন্যান্য সমস্যাৰ লগতে চাউল, দাইল, মিঠাতেল, শাক-পাচলিকে আদি কৰি সকলো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰতিদিন লেকামহীনভাৱে মূল্যবৃদ্ধি ঘটাৰ ফলত জনজীৱনত এক শ্বাসৰুদ্ধকৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ এফালে জনসাধাৰণৰ উপাৰ্জন বৃদ্ধিৰ কোনো সুযোগ সৃষ্টি হোৱা নাই অথচ ইয়াৰ বিপৰীতে প্ৰতিটো দ্ৰব্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনজীৱনত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ প্ৰতিদিন প্ৰতিটো বস্তুৰ নিয়ন্ত্ৰণহীনভাবে মূল্যবৃদ্ধি হৈছে ৷

তেওঁলোকে কয় যে, বজাৰত প্ৰতি কিঃগ্ৰামত চাউলৰ ন্যূনতম মূল্য হৈছে 40 টকা, আটা 45 টকা, মচুৰ দালি 95 টকা, চেনী 45 টকা আৰু মিঠাতেলৰ দাম হৈছে গৈ লিটাৰে প্ৰতি 170 টকা ৷ বজাৰত শাক-পাচলিৰ দামো পূৰ্বৰ তুলনাত বৃদ্ধি হৈ প্ৰতি কিঃগ্ৰামত পটল 60 টকা, ভাত কেৰেলা 80 টকা, জিকা 60 টকা, লেছেৰা 80 টকা পাইছেগৈ ৷ মুঠতে 60\80 টকাৰ তলত কোনো ধৰণৰ পাচলি আজি বজাৰত পাবলৈ নাই ৷ এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ পক্ষৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ মাথোন সেয়াই নহয়, চৰকাৰে সংকীর্ণ নিৰ্বাচনী স্বার্থত হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰাৰ বাবেই দেখা দিয়া ৰাজহ ঘাটি পূৰণ কৰিবলৈ কৃষকৰ মাটিৰ খাজনা বৃদ্ধি কৰা, চহৰীয়া মাটিৰ বৰ্দ্ধিত খাজনা গ্ৰামীণ জনসাধাৰণৰ ওপৰত জাপি দিয়াৰ বাবে উপনগৰী অঞ্চলবোৰক নগৰ হিচাপে ঘোষণা কৰি বিভিন্ন কৰ কাটলেৰে ৰাইজক জুৰুলা কৰিছে ৷

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ পক্ষৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ মাথোন সেয়াই নহয়, চৰকাৰে সংকীর্ণ নিৰ্বাচনী স্বার্থত হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰা বাবেই দেখা দিয়া ৰাজহ ঘাটি পূৰণ কৰিবলৈ কৃষকৰ মাটিৰ খাজনা বৃদ্ধি কৰা বুলিও সংগঠনটোৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে ৷ ধৰ্ণাৰ অন্তত তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি তেওঁ লোকৰ দাবী সমূহ পূৰণৰ আহ্বান জনায় ৷

লগতে পঢ়ক : CPIM Protest in Guwahati : মূল্যবৃদ্ধি ৰোধকে ধৰি একাধিক দাবীত গুৱাহাটীত চি পি আই এমৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.