ETV Bharat / state

লখিমপুৰত সোৱণশিৰি নদীয়ে ছিঙিলে মথাউৰি: জলমগ্ন কেইবাখনো গাঁও - Pijush Hazarika visit Lakhimpur embankment

পুনৰ জলপ্ৰলয়ৰ দিশে লখিমপুৰ ৷ সোৱণশিৰি নদীয়ে ছিঙিলে মথাউৰি (Subansiri embankment broke in Lakhimpur)৷ জলসম্পদ বিভাগৰ সোপা-ঢিলা কাৰ্যকলাপৰ পৰিণতিত বিধ্বস্ত হ’ল ৪০ টা পৰিয়ালৰ ঘৰ-বাৰী ৷

Subansiri embankment broke in Lakhimpur
লখিমপুৰত সোৱণশিৰি নদীয়ে ছিঙিলে মথাউৰি: জলমগ্ন কেইবাখনো গাঁও
author img

By

Published : Oct 10, 2022, 8:27 PM IST

লখিমপুৰ, ১০ অক্টোবৰ: অৱশেষত প্ৰত্যাশিতভাৱেই ছিগিল লখিমপুৰৰ সোৱণশিৰি নদীৰ ঘনচৰাইৰ মথাউৰি (Subansiri embankment broke in Lakhimpur)। সোমবাৰে সন্ধিয়াৰ পূৰ্বে নদীখনে ঘনচৰাইত মথাউৰি ছিঙি থিতাতে ৪০ টা পৰিয়ালৰ ঘৰ-বাৰী বিধ্বস্ত কৰি পেলায় (Flood in Lakhimpur)। এমাহৰো অধিক সময় প্ৰৱল খহনীয়াৰ কবলত পৰা নদীখনৰ উক্ত এলেকাৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে আপ্ৰাণ চেষ্টাৰ পাছতো মথাউৰিটো ৰক্ষা নপৰিল ।

ভয়ংকৰ দুৰ্যোগৰ কবলত পৰিল লখিমপুৰৰ ৩০ খনৰো অধিক গাঁৱেৰে আগুৰি থকা এক বৃহৎ অঞ্চল । লখিমপুৰ নগৰৰ পৰা কিছু নিলগৰ ঘনচৰাইত দেওবাৰে সন্ধিয়াৰ পূৰ্বে সোৱণশিৰি নদীয়ে ছিঙি পেলায় মথাউৰি । মথাউৰিটো ছিঙি নদীখনে থিতাতে ৪০ টা পৰিয়ালৰ ঘৰবাৰী বিধ্বস্ত কৰি পেলায় । নদীখনে মথাউৰি ছিঙাৰ ফলত এলেকাটোৰ ৩০ খনৰো অধিক গাঁও বানৰ কবলত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লখিমপুৰত সোৱণশিৰি নদীয়ে ছিঙিলে মথাউৰি: জলমগ্ন কেইবাখনো গাঁও

উল্লেখ্য যে, বিগত এমাহৰো অধিক সময় মথাউৰিটোৰ উক্ত অংশত খহনীয়া হৈ আহিছিল । জলসম্পদ বিভাগে এমাহৰো অধিক সময় খহনীয়া ৰোধৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছিল ।

মনকৰিবলগীয়া যে, কিছুদিন পূৰ্বে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মথাউৰিটো পৰিদৰ্শন কৰিছিল (Pijush Hazarika visit Lakhimpur embankment)। মন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ পাছতো অব্যাহত থাকিল খহনীয়া ৷ অৱশেষত দেওবাৰে মথাউৰিটো নদীখনে খহাই পেলায় । ৰাইজে জলসম্পদ বিভাগৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।

লগতে পঢ়ক: লখিমপুৰ জিলা পুথিভঁৰালত এতিয়া নাই অধ্যয়নৰ পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.